মানকাচৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ভয়াৱহ জালিয়াতি

বিধৱা বৃদ্ধা মহিলাৰ নামত অহা চৰকাৰী গৃহৰ ধন উঠাই দিয়া হল অন্য হিতাধিকাৰীক

author-image
Asomiya Pratidin
New Update
মানকাচৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ভয়াৱহ জালিয়াতি

ডিজিটেল সংবাদ, মানকাচৰ : মানকাচৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ভয়াবহ জালিয়াতি । বিধৱা বৃদ্ধা মহিলাৰ নামত অহা চৰকাৰী গৃহৰ ধন উঠাই দিয়া হল অন্য হিতাধিকাৰীক । থানাত এজাহাৰৰ পাছতো ন্যায় নাপালে ভূক্তভূগীয়ে । সুখচৰ আৰক্ষীৰ ৰহস্যজনক ভূমিকাত অসন্তষ্ট বঞ্চিত হিতাধিকাৰী ।

Advertisment

দুখীয়া তথা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ বাবে দেশজুৰি প্ৰধানমন্ত্ৰী আবাস যোজনা আচনিৰ অধীনত চৰকাৰী গৃহ নিৰ্মাণ কৰি থকা হৈছে। দৰিদ্ৰ হিতাধিকাৰীৰ বাবে চৰকাৰে বিনামুলীয়াকৈ প্ৰদান কৰিছে এই চৰকাৰী গৃহ। দেশৰ বিভিন্ন ৰাজ্যৰ উপৰিও অসমতো দ্ৰুত গতিত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম চলি আছে। কিন্তু একাংশ স্থানত এই চৰকাৰী গৃহ নিৰ্মাণৰ নামত একাংশ পঞ্চায়ত প্ৰতিনিধি, জিআৰএছ তথা পঞ্চায়ত সচিবে বিনামুলীয়া গৃহৰ আৱণ্টনৰ নামত হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। মানকাচৰত এগৰাকী বিধৱা বৃদ্ধা মহিলা হিতাধিকাৰীৰ নামত অহা চৰকাৰী গৃহৰ ধন অন্য হিতাধিকাৰীলৈ দিয়াৰ এক ভয়াবহ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে।

প্ৰাপ্ত অভিযোগ মতে, মানকাচৰৰ ফেকামাৰী উন্নয়ন খণ্ডৰ অধীনৰ গোটাবাৰী-খোপাতীয়া গাওঁ পঞ্চায়ত এলেকাৰ খোপাতীয়া গাঁৱৰ মহেজউদ্দিনৰ কন্যা তথা প্ৰয়াত হজৰত আলীৰ বিধৱা পত্নী জামিলা বেওৱাৰ নামত ২০১৮ চনত চৰকাৰে প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰ আৱণ্টন দিছিল। কিন্তু পঞ্চায়ত খনৰ তদানীন্তন সচিব ফয়জাল হক, জি আৰ এছ আবেদ আলী, ক্ষেত্ৰ বিষয়া লাবলু সেখ, গাওঁ পঞ্চায়ত সদস্যা বাবলি খাতুন আৰু গাওঁ পঞ্চায়ত সদস্য নুৰুল সেখে বিধৱা মহিলা গৰাকীৰ নামত অহা ধন অন্য হিতাধিকাৰীক প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ।

বৃদ্ধা বিধৱা মহিলা জামিলা বেওঁৱাৰ নামত আৱণ্টন হোৱা প্ৰধানমন্ত্ৰী আবাস যোজনা আচনিৰ গৃহৰ আই ডি নম্বৰ এ এছ -১৭৮৮২৭৭ । এই আই ডি নম্বৰৰ অধীনত প্ৰথম কিস্তিত ২০১৮ চনৰ ১০ নবেম্বৰ তাৰিখে ৩২৫০০ টকা, ২০১৯ চনৰ ২৩ মাৰ্চ তাৰিখে দ্বিতীয় কিস্তিত ৭৮ হেজাৰ টকা আৰু ২০১৯ চনৰ ২৯ এপ্ৰিল তাৰিখে তৃতীয় কিস্তিত ১৯৫০০ টকা সহ মুঠ তিনিটা কিস্তিত ১ লাখ ৩০ হেজাৰ টকা উঠাই নিয়া হৈছে। জামিলা বেওঁৱা নামৰ বৃদ্ধা বিধৱা মহিলা গৰাকীৰ নামত অহা চৰকাৰী গৃহৰ এই ধন খিনি চৰকাৰী বিষয়া তথা পঞ্চায়ত প্ৰতিনিধিয়ে গোপন বুজাবুজিৰে ধনৰ বিনিময়ত অন্য এগৰাকী হিতাধিকাৰীক প্ৰদান কৰা বুলি অভিযোগ উঠিছে ।

ভূক্তভূগী বিধৱা গৰাকী ইতিমধ্যে সমগ্ৰ তথ্য সংগ্ৰহ কৰাৰ পাছত হাটশিঙিমাৰী জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এটি এজাহাৰ দাখিল কৰে। আৰক্ষী অধীক্ষক জনে গোচৰটো তদন্তৰ বাবে সুখচৰ থানাত প্ৰেৰণ কৰে যদিও সুখচৰ আৰক্ষীয়ে ৰহস্যজনক ভাবে গোচৰটো সঠিক ভাবে তদন্ত নকৰাৰ অভিযোগ তুলিছে ভূক্তভূগী মহিলা গৰাকীয়ে।

ভূক্তভূগী বৃদ্ধা বিধৱা হিতাধিকাৰী জামিলা খাতুনৰ নামত অহা ধন খিনি কেনেকৈ অন্য লোকৰ নামত চৰকাৰী বিষয়া তথা পঞ্চায়ত প্ৰতিনিধিয়ে দিব পাৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইফালে মহিলা গৰাকীয়ে যোৱা ২ ফেব্ৰুৱাৰী তাৰিখে জিলা উপায়ুক্তকো এখন লিখিত অভিযোগ দাখিল কৰিছিল যদিও উপায়ুক্ত গৰাকীয়ে আজিকোপতি বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

assam mankachar