ধূপগুৰি পথাৰত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা...

author-image
Asomiya Pratidin
New Update
ধূপগুৰি পথাৰত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ধূপগুৰি পথাৰত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ড ধিং ৰাজহ চক্ৰৰ অধীনৰ ধূপগুৰি পথাৰৰ চফি উল্লাহ নামৰ এগৰাকী খেতিয়কৰ ঘৰত বুধবাৰে নিশা সংঘটিত হয়।

পৰৱৰ্তী সমহয় স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাপন কৰা হয় যদিও অগ্নিকাণ্ডৰ ফলত প্ৰায় চাৰি লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়। খেতিয়ক গৰাকীৰ নগদ ধন, ধানৰ ভৰাল, ঘৰৰ ফাৰ্ণিছাৰ, লাগতীয়াল কাগজ পত্ৰকে ধৰি বিভিন্ন সা-সামগ্ৰী জুইত ভস্মীভূত হয়। তথ্য অনুসৰি, শ্বৰ্ট চাৰ্কিটৰ বাবে সূত্ৰপাত হৈছিল অগ্নিকাণ্ডৰ ।

Batadrawa assam