ওৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনাঃ মৃত্যুৰ সংখ্যা ৩জনলৈ বৃদ্ধি...

ওৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনাঃ  মৃত্যুৰ সংখ্যা ৩জনলৈ বৃদ্ধি...

ডিজিটেল সংবাদ, ওৰাংঃ ওদালগুৰি জিলাৰ ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা তিনিজনলৈ বৃদ্ধি। ঘটনাটোত গুৰুতৰভাৱে আহত অন্যানিয়া ওৰাং নামৰ ২ বছৰীয়া শিশু গৰাকীও অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে। ওৰাং আৰক্ষী থানাৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই ভয়াবহ পথ দুৰ্ঘটনাটো। তেজপুৰ গৰুবন্ধাৰ পৰা ওৰাং চাহ বাগিছা অভিমুখে আহি থকা AS 12 Y 2263 নম্বৰৰ গ্ৰেণ্ড আই টেন খনে ওৰাং আৰক্ষী থানাৰ সন্খতে ৰৈ থকা WB 11D-3705 নম্বৰৰ ৰন্টেনাৰ খনত প্ৰছণ্ড যোৰে খুণ্ডা মাৰে। ঘটনাটো এনেকুৱা ভয়াবহ আছিল যে আই টেন গাড়ী খন চেপেতা হৈ কন্টেনাৰ গাড়ী খনৰ তলেৰে সোমাই যায়।

ফলত ঘটনাস্থলীত থিতাতে দুজন নিহত আৰু ৩ গৰাকী গুৰুত্বৰ ভাবে আহত হয়। চুৰ্ণ-বিচূৰ্ণ হোৱা আইটেন্ট গাড়ীখনৰ পৰা নিহত দুইগৰাকীক স্থানীয় ৰাইজৰ লগতে ওৰাং আৰক্ষীয়ে টানি উদ্ধাৰ কৰে। আনহাতে গুৰুত্বৰ ভাবে আহত সকলক ওৰাং আৰক্ষীয়ে ওৰাং সামুহিক চিকিৎসাত ভৰ্তি কৰে। নিশাই উন্নত চিকিৎসাৰ বাবে ৩ গৰাকীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নিশা অন্যানিয়া ওৰাং নামৰ ২ বছৰীয়া শিশুটিৰ মৃত্যু হয়।

গুৰুত্বৰ ভাবে আহত গাড়ী চালক গৰুবান্ধাৰ দিপাংকৰ দাসক নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। আহত হোবা ১০ বছৰীয়া খুছি ওৰাং বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত নিহত সুভাস ওৰাং নামৰ লোক জনৰ ঘৰ মিছামাৰী গৰুবান্ধাত। তেখেত আসাম ৰাইফল ৰেজিমেণ্টৰ জোৱান বুলি জানিব পৰা গৈছে৷

আন গৰাকী নিহত অৰ্চনা প্ৰজা ওৰাং নিহত জোৱান গৰাকীৰ পত্নী বুলি জানিব পৰা গৈছে। নিহত শিশু গৰাকী সুভাষ ওৰাংৰ কন্যা আছিল। উল্লেখযোগ্য যে ওৰাং আৰক্ষী থানা সন্মুখত পুৰ্বে বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে। তাৰ পিছতো নিশা এখন কন্টেনাৰ গাড়ী কি কাৰনত ৰৈ থাকিব দিয়া হল সেয়া গুৰুত্বপূৰ্ণ কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in