/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/web-portal-owner-arrested.jpg)
ডিজিটেল ডেস্ক: শিৱসাগৰ আৰক্ষীৰ জালত কুখ্যাত হানি ট্রেপিং চক্র। নাৰী দেহৰ প্রলোভনেৰে ব্যৱসায়ীক ব্লেক মেইলিং কৰি সৰকাইছিল প্ৰায় ৪ লাখ টকা।
কিন্তু ইয়াতে ক্ষান্ত নাথাকি পুনৰ ব্যৱসায়ীজনক দাবী কৰিছিল ধন। তাৰপাছতেই বুধবাৰে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে দিপাংকৰ দাস আৰু জয়দ্বীপ দাসক নামৰ যুৱকক।
অন্যহাতে চক্রটোৰ মাষ্টাৰ মাইণ্ডক বিচাৰি দেৰগাঁৱত আৰক্ষীৰ অভিযান আৰম্ভ কৰে যদিও অভিযানৰ সম্ভেদ পাই পলাই যায় চক্রটোৰ কেইবাজনো লোক।
পলায়ন কৰে আশীক, চাৱিনা বেগম, চৰিফুল আলী, দিগন্ত দাস আৰু ৰুবুল আলী নামৰ আন সদস্য কেইগৰাকীয়ে।
আৰু পঢ়ক: মহিলা আৰক্ষী বিষয়াক প্ৰলোভন দি ৰঙাঘৰত ভুৱা অ'এন জি চি বিষয়া