বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ বিয়োগত অসম নাট্য সন্মিলন নগাঁও জিলা সমিতিৰ শোক প্ৰকাশ

author-image
Asomiya Pratidin
New Update
বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ বিয়োগত অসম নাট্য সন্মিলন নগাঁও জিলা সমিতিৰ শোক প্ৰকাশ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই। বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত গুৱাহাটীস্থিত নেমকেয়াৰ হস্পাতালত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে। অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছে ৰাজ্যবাসীক।

বলিষ্ঠ অভিনেতা গৰাকীৰ বিয়োগত অসম নাট্য সন্মিলন নগাঁও জিলা সমিতিৰ হৈ সভাপতি ইন্দ্ৰমোহন বৰুৱাই গভীৰ শোক প্ৰকাশ কৰে। জনপ্ৰিয় অভিনেতা গৰাকীৰ বিয়োগত অসমীয়া সাংস্কৃতিক জগতত ব্যাপক ক্ষতি হোৱা বুলি মন্তব্য কৰে।

সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ ভাষ্য অনুসৰি, নাট্যকাৰ গৰাকীৰ সৈতে ব্যক্তিগত ভাৱেও এক সুমধুৰ সম্পৰ্ক আছিল বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ । ইন্দ্ৰমোহন বৰুৱাৰ বাসগৃহত বহুবাৰ আহাৰো গ্ৰহণ কৰিছিল অভিনেতা গৰাকীয়ে ।

বৰুৱাৰ মতে, এই ক্ষতি কেৱল ব্যক্তিগতই নহয় বৰং সমগ্ৰ অসমীয়া কলা জগতৰ বাবেই । এক সুদীৰ্ঘকাল অসমীয়া কলা জগতৰ মহীৰূহ হিচাপে থিয় হৈ ৰোৱা নিপন গোস্বামীৰ অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈয়ে ছবি জগতত প্ৰৱেশ কৰিছিল বহু অভিনেতাই । তেনেস্থলত বৰ্ষীয়ান অভিনেতা গৰাকীক হেৰুৱাই যেন শোকত ম্ৰিয়মাণ সমগ্ৰ সমাজ ।

Batadrawa assam