লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত পদ্মশ্ৰী নলিনীবালা দেৱীৰ স্মৃতি দিৱস উদযাপন...

লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত পদ্মশ্ৰী নলিনীবালা দেৱীৰ স্মৃতি দিৱস উদযাপন...

ডিজিটেল সংবাদ, ঢকুৱাখনা : লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত, পূৱ ডিক্ৰং শাখা লেখিকা সমাৰোহৰ সহযোগত শনিবাৰে বঙালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত পদ্মশ্ৰী নলিনীবালা দেৱীৰ স্মৃতি দিৱস দিন জোৰা কাৰ্যসূচীৰে পালন কৰা হয় ।

জিলা সমিতিৰ সভানেত্ৰী জয়া সেনাপতিৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা স্মৃতি দিৱসত পদ্মশ্ৰী কবি নলিনীবালা দেৱীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে বিদ্যালয়ৰ প্ৰধান শিক্ষক অনন্ত ৰাম মৰাং আৰু বঙালমৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী যুগিতাৱলী পাৱেই। শাখাৰ সদস্যাসকলে পৰিবেশন কৰা শ্ৰুতিমধুৰ সমবেত সঙ্গীতেৰে আৰম্ভ হোৱা মুকলি সভা সঞ্চালনা কৰে জিলা সমিতিৰ সভানেত্ৰী জয়া সেনাপতিয়ে।

গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত সভা উদ্বোধন কৰি জিলা সমিতিৰ উপদেষ্টা চন্দিকা দত্ত কোঁৱৰে পদ্মশ্ৰী নলিনী বালা দেৱীৰ সাহিত্য সৃষ্টি ৰাজিৰ লগতে নাট্য সাহিত্য আৰু সমাজ সংস্কাৰী  দিশৰ বিস্তৃত অৱলোকন কৰে। মহীয়সী নাৰী গৰাকীৰ মহান আদৰ্শেৰে অনুপ্ৰাণিত হবলৈ দত্ত কোঁৱৰে সদস্যা সকলক আহ্বান জনায়। শাখা সমিতিৰ সভানেত্ৰী চিমি টায়ে আদৰণি ভাষণ আগবঢ়োৱা দিৱসত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী পুষ্পা গগৈয়ে ।

গগৈয়ে ভাষণ প্ৰসংগত নিজৰ অপাৰ দুখ বেদনাক সৃষ্টিশীল শক্তি হিচাবে আমৃত্যু ব্যৱহাৰ কৰি কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈও সাহিত্য চৰ্চা ক্ষেত্ৰখনৰ  উপৰিও চিত্ৰশিল্পতো পাৰদৰ্শিতা দেখুওৱা অতিন্দ্ৰীয়বাদী কবি নলিনীবালা দেৱী সদা সর্বদা প্ৰাতঃস্মৰণীয় আৰু অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব বুলি মন্তব্য কৰে। 

বিশিষ্ট অতিথিৰ ভাষণত জিলা সমিতিৰ প্ৰাক্তন উপ সভানেত্ৰী লীলাৱতী শৰ্মাই নলিনীবালা দেৱীক অসমৰ ভাষা সাহিত্য আকাশৰ এক অম্লান জ্যোতিষ্ক বুলি অভিহিত কৰে। সভাত উপদেষ্টা আৰতি গোহাঞি দুৱৰা, জয়া সেনাপতিয়েও পদ্মশ্ৰী দেৱীৰ জীৱন শৈলী আৰু সৃষ্টি শীলতাৰ ওপৰত মননশীল বক্তব্য আগবঢ়াই। বিদ্যালয়ৰ ছাত্ৰী কৰিস্মা পাৱেৰ এটি ভক্তিমূলক গীতত নৃত্য প্ৰদৰ্শন কৰাৰ লগতে শাখাৰ সদস্যা বন্তি বৰাই  আধুনিক গীত আৰু সদস্যা বন্তি মৰাঙৰ নেতৃত্বত দিহা নাম পৰিবেশন কৰি সভাগৃহৰ পৰিবেশ জীপাল কৰি তোলে।

সভাত শাখাৰ তৰফৰ পৰা জিলা কৃতি শিক্ষয়িত্ৰী বঁটা প্ৰাপক, শাখাৰ উপ সভানেত্ৰী দীপ্তিৰেখা নেওগ আৰু শাখাৰ সভানেত্ৰী চিমি টায়েক সম্বৰ্ধনা জনোৱা হয়। সভাত বিদ্যলয়ৰ প্ৰধান অনন্ত ৰাম মৰাং আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অযোধ্যা পাৱেৰ লগতে গৰিষ্ঠ সংখ্যক শিক্ষক শিক্ষাৰ্থী আৰু সাহিত্যনুৰাগী ৰাইজ উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in