/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/27bc2a1b-08d2-4a47-aa74-df8e2a8e8e54/art_competetion.jpg)
ডিজিটেল সংবাদ, ফৰকাটিং : যশস্বী চিত্ৰশিল্পী, অসম সৌৰভ বঁটাপ্ৰাপক নীলপৱন বৰুৱাদেৱৰ বিয়োগত সমূহ অসমবাসী শোকাহত হৈছে ৷ এই গৰাকী শিল্পীক আসু-আৰোগ্য কামনা কৰি ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সুকুমাৰ-কলাৰ বিভাগৰ ছাত্র-ছাত্ৰীয়ে ৰাঙলী আইদেউ মৈদামত উপস্থিত হৈ চিত্র অংকন কৰিছিল, কিন্তু নিয়তিৰ আগত এইগৰাকী শিল্পীয়ে হাৰ মানিলে। নিৰলস সাধনাৰে বিগত কেইবা দশক ধৰি তেখেতে কেৱল ৰাজ্যৰ চিত্ৰশিল্পৰ জগতখনকেই নহয়, সামগ্ৰিকভাৱে কলাৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি আহিছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/1ab51287-b53f-43ce-9e9a-bbeb9436f2f3/WhatsApp_Image_2022_10_30_at_11_17_33_AM__2_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/5f516678-f7f0-47e7-824e-ed2593b7bc48/WhatsApp_Image_2022_10_30_at_11_17_35_AM.jpeg)
'অসম সৌৰভ' গৰাকীক শ্ৰদ্ধা জনায় ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সঞ্চালক ড॰ লাচিত বৰুৱাদেৱে শিল্পী গৰাকীৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰে। এই বিদ্যালয়ৰ সুকুমাৰ কলা বিভাগৰ শিক্ষয়িত্ৰী ছায়ামনি তুৰী নেতৃত্ব ছাত্র-ছাত্ৰী সকলে এক ব্যতিক্রমি পদক্ষেপ গ্রহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/d372473d-4457-4872-b465-1afe4be6a785/WhatsApp_Image_2022_10_30_at_11_17_34_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3ac49997-c852-4921-9e70-d1d5087f6e91/WhatsApp_Image_2022_10_30_at_11_17_34_AM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/97174e24-0a1f-4452-b0ff-09a7d845c0fb/WhatsApp_Image_2022_10_30_at_11_17_33_AM.jpeg)
বিদ্যালয়ৰ প্রাংগনতে সমূহীয়া ভাৱে চিত্রশিল্পী গৰাকীৰ প্রতিচ্ছবিৰ লগতে দীপালী বৰঠাকুৰৰ চিত্র অংকন কৰা দেখিবলৈ পোৱা গ'ল। লগতে স্ব লিখিত কবিতাৰো আয়োজন কৰা হয়। ছাত্র-ছাতী সকলে ব্যক্ত কৰে যে এই গৰাকী শিল্পীৰ মৃত্যুয়ে অসমৰ চিত্র শিল্পৰ জগত খনক যথেষ্ট ক্ষতি কৰিব।