বিশ্ববৰেণ্য শিল্পী সুধাকন্ঠক স্মৰণ মৃত্যু বাৰ্ষিকীত...

author-image
Asomiya Pratidin
New Update
বিশ্ববৰেণ্য শিল্পী সুধাকন্ঠক স্মৰণ মৃত্যু বাৰ্ষিকীত...

ডিজিটেল ডেস্ক : সংগীতৰ জৰিয়তে সমগ্ৰ বিশ্বৰ সন্মুখত অসমবাসীক পৰিচয় কৰাই দিয়া প্ৰথম গৰাকী ব্যক্তি আছিল সুধাকন্ঠ ড০ ভূপেন হাজৰিকা । শিশুৰ পৰা প্ৰৌঢ়লৈ ভূপেন দা, ভূপেন মামা অথবা ভূপেন ককা হিচাপে পৰিচিত শিল্পী গৰাকীৰ চিৰসেউজ গীতৰ মাজেৰেই আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে কিংবদন্তি শিল্পী গৰাকীক । শিল্পী গৰাকীৰ একাদশ মৃত্যু বাৰ্ষিকীত ৰাজ্য চৰকাৰে জালুকবাৰীস্থিত শিল্পী গৰাকীৰ সমাধিক্ষেত্ৰত আয়োজন কৰিছে শিল্পী গৰাকীৰ স্মৃতিচাৰণ সভা তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

Advertisment

আৰু কেৱল ৰাজ্য চৰকাৰেই নহয় বৰং ৰাজ্যখনৰ সাংস্কৃতিক আৰু বৌদ্ধিক ক্ষেত্ৰখনৰ লগত জড়িত আন বহু অনুষ্ঠানেও আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠানৰ । গুৱাহাটী মহানগৰীও ইয়াৰ ব্যতিক্ৰম নহয় । জালুকবাৰীৰ ওপৰিও নিউ গুৱাহাটী স্থিত গণেশ মন্দিৰত, গুৱাহাটী বিশ্ববিদ্যালয়তো শিল্পী গৰাকীক স্মৰণ কৰা হ'ব ।

অসমীয়া সমাজে বিগত এমাহত হেৰুৱাব লগীয়া হৈছিল বহু কেইগৰাকী অভিভাৱক তুল্য বৰেণ্য ব্যক্তিক । জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী, বিশিষ্ট চিত্ৰশিল্পী নীল পৱন বৰুৱা তথা প্ৰবীন অভিনেতা ভোলা কটকীকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আজিৰ অনুষ্ঠানৰ জৰিয়তেই ।

উল্লেখ্য যে, ৰাতিপুৱাৰে পৰা সুধাকন্ঠক মৃত্যুবাৰ্ষিকীৰ দিনা আনুষ্ঠানিকভাৱে স্মৰণ কৰিবলৈ আয়োজন চলাই থকা সকলো অনুষ্ঠান-প্ৰতিষ্ঠানত মুখৰিত হ'ল সুধাকন্ঠ গৰাকীৰ এটাৰ পাছত আনটো কালজয়ী গীত । সমগ্ৰ ৰাজ্যই যেন একে সময়তেই গুণগুণাই উঠিল যাযাবৰী শিল্পী গৰাকীৰ চিৰসেউজ গীত সমূহ...

assam bhupen hazarika