দুই বৰেণ্য মহানায়কৰ বিয়োগত শোকত মৰ্মাহত ঢকুৱাখনা বাসী...

দুই বৰেণ্য মহানায়কৰ বিয়োগত শোকত মৰ্মাহত ঢকুৱাখনা বাসী...

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ দুই মহানায়ক ক্ৰমে অভিনয় সম্ৰাট নিপন গোস্বামী আৰু চিত্ৰশিল্পী নীল পৱন বৰুৱাৰ বিয়োগত শোকত মৰ্মাহত ঢকুৱাখনাবাসী ।  ৰাজ্যখনৰ চিত্ৰ শিল্প আৰু সংস্কৃতিৰ ক্ষেত্ৰ দুখনক অভিভাৱকহীন কৰি অনন্ত ধামলৈ গতি কৰা দুই সাংস্কৃতিক সাধকৰ বিয়োগত শুক্ৰবাৰে ঢকুৱাখনাৰ বিভিন্ন স্থানত শোক সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

ঢকুৱাখনাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান পশ্চিম ঢকুৱাখনাৰ জালভাৰী নাট্য সমাজৰ উদ্যোগত শুক্ৰবাৰে সন্ধিয়া পশ্চিম ঢকুৱাখনা ৰাজহুৱা ভৱনৰ প্ৰাংগণত এক শোক সভা অনুষ্ঠিত কৰি দুয়োগৰাকী শিল্পীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে পুষ্প মাল্য প্ৰদান কৰি মৌন প্ৰাৰ্থনাৰে বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰা হয় ।

তদ্রুপ ভাবে  ঢকুৱাখনা বালিগাঁও নাট্য  মন্দিৰ, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়াল, ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

আনহাতে, ঢকুৱাখনা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত শুক্ৰবাৰে সংস্কৃতি আৰু চিত্ৰ শিল্পৰ দুই মাগ-দৰ্শকৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত, উপাধ্যক্ষ চিত্ৰ কুমাৰ কোঁচ আৰু ছাত্ৰ একতা সভাৰ সমূহ বিষয় ববীয়াৰ উপস্থিতিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিদেহী আত্মাৰ চিৰ শান্তি কামনাৰে মৌন প্ৰাৰ্থনা কৰা হয়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in