আবিৰৰ ৰঙত ৰঙীণ ৰাজ্যবাসী; হোলী খেলিবলৈ ওলাই আহিছে সকলো…

আবিৰৰ ৰঙত ৰঙীণ ৰাজ্যবাসী; হোলী খেলিবলৈ ওলাই আহিছে সকলো…

author-image
asomiyapratidin
New Update
আবিৰৰ ৰঙত ৰঙীণ ৰাজ্যবাসী; হোলী খেলিবলৈ ওলাই আহিছে সকলো…

ডিজিটেল ডেস্ক: আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে ৰঙৰ উৎসৱ হোলী। আবিৰৰ ৰঙত ৰঙীন হৈ পৰিছে ৰাজ্য। সকলোৱে হোলী উদযাপন কৰিবলৈ ওলাই আহিছে। হোলী গীতৰ সুৰে গুঞ্জৰিত কৰিছে আকাশ-বতাহ।

Advertisment

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৌল যাত্ৰাও হব। বৰপেটা সত্ৰ, বটদ্ৰৱা আদি সকলোতে উলহ-মালহেৰে পালন কৰা হৈছে হোলী।

ৰঙৰ উৎসৱ উপলক্ষ্য়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্য়ৱাসীক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ টুইটাৰৰ জৰিয়তে লিখে যে "ফাল্গুনীত গোবিন্দক তুলিয়া দৌলত। দৌলযাত্ৰা কৰে মহোৎসৱ সিবেলাত।। অসমবাসীলৈ ৰঙৰ উৎসৱ ফাঁকুৱা আৰু দৌলোৎসৱৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ ফাঁকুগুড়িৰ ৰঙে আমাৰ মনবোৰ ৰঙীন কৰি তোলাৰ লগতে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশাৰ ৰেঙনি, অনাবিল সুখ-শান্তি আৰু ভাতৃত্ববোধৰ বতৰা"।

assam holi