/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল সংবাদ লংকাঃ ৰাজ্যত পুনৰ ৰে'লৰ খুন্দাত মৃত্যু হৈছে এটা বনৰীয়া হাতীৰ। এইবাৰ স্থান লংকা-হাৱাইপুৰ ৰে'ল ষ্টেচনৰ মাজত।
জানিব পৰা মতে নিশা হাৱাইপুৰ ৰে'ল ষ্টেচনৰ সমিপৰ ৩ নম্বৰ ৰে'ল লাইনত সংঘটিত হয় উক্ত ঘটনা। স্থানীয় লোকে সন্দেহ কৰিছে গুৱাহাটীৰ পৰা উজনিমুখা কোনোবা ৰে'লৰ খুন্দাত নিহত হৈছে এই হাতীটোৰ।
মন কৰিবলগীয়া যে, এই অঞ্চলত পূৰ্বেও কেইবাটাও বন্য হস্তীয়ে ৰে'লৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত বনাঞ্চললৈ ওলাই অহাৰ বাবেই এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ আহিছে।
ইফালে নিশা এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় বন বিভাগক খবৰ দিয়া হৈছিল যদিও বহু পলমকৈহে বন বিভাগৰ লোক ঘটনা স্থলীত উপস্থিত হোৱাৰো অভিযোগ উঠিছে।