লামডিঙত কেইবা লাখ টকাৰ মূল্যৰ বগা চন্দন কাঠসহ এজনক আটক

আজি লামডিং আঞ্চলিক বন বিভাগৰ এটা দলে এখন যাত্ৰীবাহী বাছত অভিযান চলাই বগা চন্দন কৰিবলৈ সক্ষম হৈছে। এই চন্দন কাঠখিনি সৰবৰাহৰ অভিযোগত আটক কৰিলে এজন ব্যক্তিকো।

author-image
Asomiya Pratidin
New Update
লামডিংত কেইবা লাখ টকাৰ মূল্যৰ বগা চন্দন কাঠসহ এজনক আটক

ডিজিটেল সংবাদ লামডিং: আজি লামডিং আঞ্চলিক বন বিভাগৰ এটা দলে এখন যাত্ৰীবাহী বাছত অভিযান চলাই বগা চন্দন কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে কাৰ্বি আংলঙৰ ধনশিৰি অঞ্চলৰ পৰা লংকা অভিমুখে যোৱা এখন যাত্ৰীবাহী বাছত অভিযান চলায়। 

Advertisment

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা এই অভিযানৰ সময়তে জব্দ হোৱা এই বগা চন্দনখিনিৰ মূল্য কেইবা লাখ টকা বুলি জানিবলৈ দিছে আঞ্চলিক বন বিষয়াগৰাকীয়ে। ইফালে অভিযানকাৰী দলটোৱে আটক কৰিছে এই বগা চন্দনখিনি সৰবৰাহ কৰা এগৰাকী সৰবৰাহকাৰীক। 

ধৃত বগা চন্দন সৰবৰাহকাৰীটো লংকাৰ সুবিনয় দাস। অভিযানকাৰী দলে জনোৱা মতে দীৰ্ঘদিন ধৰি সুবিনয় দাসে বগা চন্দন সৰবৰাহ কৰি আহিছে। সূত্ৰৰ খবৰ অনুসৰি, কাৰ্বি আংলং সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধ ভাবে বগা চন্দন কাঠ কাটি এখন জিলাৰ পৰা আন জিলালৈ বেহা চলাই আহিছিল সুবিনয় দাসে।

জানিব পৰা মতে আজি জব্দ কৰা বগা চন্দনখিনিৰ পৰিমাণ ২৯ কেজি। এই বগা চন্দন কাঠৰ সৰবৰাহৰ চিণ্ডিকেটৰ লগত একাংশ কাঠ মাফিয়া জড়িত হৈ আছে বুলিও অভিযোগ উঠিছে। 

আনফালে জব্দকৃত ২৯ কেজি বগা চন্দনখিনিৰ বজাৰৰ মূল্য লক্ষাধিক টকাৰ। চন্দন কাঠৰ চিণ্ডিকেতৰ লগত একাংশ কাঠ মাফিয়া জৰিত হৈ আছে বুলি অভিযোগ উত্থাপন কৰিছে।

লামডিং