/asomiyapratidin/media/media_files/2024/11/26/3LZr061n5oaOMWo5twq9.jpg)
ডিজিটেল সংবাদ লামডিংঃ লামডিঙত আজি নিষিদ্ধ গাঞ্জাসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। জানিব পৰা মতে দক্ষিণ লামডিং পাইকাৰী বজাৰৰ সমীপত আৰক্ষীয়ে অভিযান চলাই দুই গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।
আটকাধীন দুয়ো যুৱক ক্ৰমে অমল দে' আৰু সঞ্জিৎ দে ওৰফে ধন। তেওঁলোকৰ লগত টিংকু নামৰ আন এজন যুৱক আছিল যদিও অভিযানৰ সময়ত তেওঁ পলাই যাবলৈ সক্ষম হয়।
অভিযানকাৰী আৰক্ষীৰ দলটোৱে তেওঁলোকৰ পৰা ১৭ কেজি গাঞ্জাৰ লগতে তিনিখন স্কুটি জব্দ কৰিছে। এই অভিযান চলাইছিল লামডিং আৰক্ষী আৰু হোজাইৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us