/asomiyapratidin/media/media_files/2025/05/19/GFodUBgauSLlgsCkjfas.jpg)
ডিজিটেল সংবাদ লামডিং: লামডিং ৰে’লৱে জংচনত পুনৰ নিষিদ্ধ ব্ৰাউন ছুগাৰসহ আটক হৈছে দুই মহিলা সৰবৰাহকাৰী৷ জানিব পৰা মতে ১৫৯৬৮ নম্বৰৰ নামনিমুৱা লিডু-ৰঙিয়া এস্কপ্ৰেছ ৰে’লৰ পৰা সৰবৰাহকাৰী দুগৰাকীক আটক কৰে ৰে’ল আৰক্ষীয়ে ৷
ৰে'ল আৰক্ষীৰ অভিযানত আটক হোৱা মহিলা দুগৰাকীৰ পৰা ২৪.২৭ গ্ৰাম নিষিদ্ধ ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। ধৃত মহিলা দুগৰাকী ক্ৰমে হোজাই জিলাৰ মোৰঝাৰৰ আফছাৰা বেগম আৰু ৰহিমা বেগম।
দুয়োগৰাকী মহিলা সৰবৰাহকাৰীয়ে নিষিদ্ধ ব্ৰাউন ছুগাৰখিনি ৰে’লযোগে ডিমাপুৰৰ পৰা হোজাইৰ মোৰঝাৰলৈ সৰবৰাহ কৰাৰ সন্দেহ কৰিছে ৰে’ল আৰক্ষীয়ে।জব্দকৃত ব্ৰাউন ছুগাৰখিনিৰ নিষিদ্ধ বজাৰৰ আনুমানিক মূল্য প্ৰায় ২ লাখ ৪০ হাজাৰ টকা হ'ব বুলি জানিব দিয়৷