/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3cf8130e-e527-4bc7-9dc0-93e64798af05/ty.jpg)
ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা সজাগতা সভাৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় বাটৰ নাট। লামডিং হৰুলংফাৰ ৰেলৱে লেভেল ক্ৰচিঙত আৰ পি এফ ৰ জোৱানসকলে নাটখনি প্ৰদৰ্শিত কৰে৷
লেভেল ক্ৰচিঙত গেট বন্ধ হৈ থকাৰ সময়ত কোনো লোকে যদি গেটৰ তলেৰে পাৰ হৈ যায় তেন্তে কি পৰিস্থিতি সন্মুখীন হ'ব পাৰে সেই বিষয়ৰ আধাৰত প্ৰদৰ্শন কৰা হয় বাটৰ নাটখন। বাটৰ নাটৰ দ্বাৰা সৃষ্টি কৰিব খোজা সজাগতা যাতে অধিক ফলপ্ৰসূ হয় তাৰবাবে যম ৰজাৰ পোছাক পৰিধান কৰি আমোদজনকভাৱে বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰে ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে৷
লগতে আৰ পি এফৰ ফালৰ পৰা জানিব দিয়ে যে, যদি কোনো লোকে ৰেল গেট পৰি থকাৰ সময়ত গেটৰ তলেৰে পাৰ হৈ যায় তেন্তে ৰেলৱে আইনৰ জড়িয়তে আইনগত ব্যৱস্থা লোৱা হ'ব ৷