জৰ্জিয়ান নেপালক পৰাস্ত কৰি BSS কলকাতা চেম্পিয়ন...

জৰ্জিয়ান নেপালক পৰাস্ত কৰি SSB কলকাতা চেম্পিয়ন...
জৰ্জিয়ান নেপালক পৰাস্ত কৰি SSB কলকাতা চেম্পিয়ন...

ডিজিটেল সংবাদ লামডিংঃ লামডিঙং ৰে'লৱে বিবেকানন্দ খেলপথাৰত ১১ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ত দিৱা নৈশ ফুটবল টুৰ্ণামেন্টৰ চূড়ান্তখেলখন সফলতাৰে অনুষ্ঠিত হৈ যায়। লামডিঙৰ শ্বেলী ন্যাসৰ উদ্যোগত সদৌ ভাৰতৰ ভিত্তিত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখন।

সদৌ ভাৰত ৰিপাব্লিক কাপ নামেৰে অনুষ্ঠিত হোৱা এই ফুটবল প্ৰতিযোগিতাখনত অসমৰ হৈ এ. এচ. ই. বি. অসম, শ্বেলী লামডিং, লগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ আৰিয়ান কলকাতা, এছ এছ বি কলকাতা, বি এছ এছ কলকাতা, গ্ৰীণ ফিল্ড এফ.চি আইজল, মণিপুৰ , নৰ্থ ইষ্ট ইউনাইটেড, হিলচ্ ইউাইটেডৰ উপৰিও বহিঃৰাষ্ট্ৰ নেপালৰ জৰ্জিয়েন ফুটবল দলেও অংশগ্ৰহণ কৰিছিল৷

বিভন্ন নামি, দামী ফুটবল দলৰ অংশগ্ৰহণেৰে মুঠ ১১ টা দিন লামডিং খেলপথাৰ ফউটবলৰ ছন্দত নাচি উঠিছিল। মঙ্গলবাৰে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল বি এছ এছ কলকাতা বনাম জৰ্জিয়েন, নেপালে ৷

বি এছ এছ কলকাতাই ৪-০ গ'লত পৰাস্ত কৰে জৰ্জিয়েন, নেপাল দলটোক ৷ উল্লেখ্য যে, বিদেশী খেলুৱৈৰ আগমনে উৎফুল্লিত কৰি তুলিছিল লামডিং ক্ৰীড়া অনুৰাগী ৰাইজক।যাৰ প্ৰমাণ প্ৰতিখম মেচৰ সময়ত দেখা গৈছিল।

বিশেষকৈ চূড়ান্ত খেলখনত হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰেহি খেলপথাৰ। আনহাতে এই চূড়ান্ত খেলখন উপভোগ কৰিবলৈ আহে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰও।

জৰ্জিয়ান নেপালক পৰাস্ত কৰি SSB কলকাতা চেম্পিয়ন...
যোৰহাট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ডায়েট সপ্তাহ উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in