কোনে মুখ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে হাগ্ৰামা মহিলাৰীৰ? দল আৰু অপৰাধমূলক ঘটনা সন্দৰ্ভত নকৰে মন্তব্য...

কোনে মুখ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে হাগ্ৰামা মহিলাৰীৰ? দল আৰু অপৰাধমূলক ঘটনা সন্দৰ্ভত নকৰে মন্তব্য...
কোনে মুখ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে হাগ্ৰামা মহিলাৰীৰ? দল আৰু অপৰাধমূলক ঘটনা সন্দৰ্ভত নকৰে মন্তব্য...

ডিজিটেল সংবাদ চিৰাং: এতিয়াৰ পৰা বি টি আৰ এলেকাত কোনো অপৰাধমূলক ঘটনা পৰিঘটনা সংঘটিত হ'লে তাৰ কোনো প্ৰতিক্ৰিয়া সংবাদ মাধ্যমৰ আগত প্ৰকাশ নকৰে একালৰ অসমৰ ৰাজনীতিত কিংমেকাৰৰ ভূমিকা পালন কৰা তথা বি টি চি ৰাজনীতিৰ এগৰাকী শক্তিশালী নেতা হাগ্ৰামা মহিলাৰীয়ে। কাৰণ এনেধৰনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ তেখেতক বাৰণ কৰা হৈছে বুলি আজি চিৰাং জিলাৰ বাসুগাঁৱত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বি টি চিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

বিগত ২০২০ চনৰ পৰিষদীয় নিৰ্বাচন আৰু ড০ হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতিৰ মেৰপাকত পৰি বি টি চিৰ শাসনভাৰ হেৰুৱাই দীঘলীয়া সময় সক্ৰিয় ৰাজনীতি তথা ৰাইজৰ মাজৰ পৰা আঁতৰি আছিল বি টি চিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰী । প্ৰায় দুটা বছৰ দলীয় কামকাজৰ পৰা নিজকে আতঁৰাই ৰখাৰ পিছত চলিত মাহৰ ১০ ফেব্ৰুৱাৰী তাৰিখে বি টি চি শান্তিচুক্তিৰ ২৩ সংখ্যক বৰ্ষপুতি অনুষ্ঠানত ওলাই আহিয়ে তেখেতৰ স্বভাৱ সুলভ ভঙ্গিমাৰে ৰাজনৈতিক মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল ।

সেইদিনাই দুবছৰত কাজলগাঁৱৰ আলাই খুংগ্ৰী উদ্যানত অনুষ্ঠিত হৈছিল বি পি এফ দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা । উক্ত কাৰ্য্যনিৰ্বাহক সভাতে বড়োলেণ্ড পিপুলছ ফ্ৰন্ট চমুকৈ বি পি এফ দলৰ পূৰ্বৰ গৰিমা উদ্ধাৰ কৰাৰ লক্ষ্যৰে দলক পুনৰ উজ্জীৱিত কৰাৰ স্বাৰ্থত জিলাই জিলাই সভা সমিতি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

সেইদিনাৰ পৰাই আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লক্ষ্য আগত ৰাখিয়েই হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদিনেই বি টি আৰৰ বিভিন্ন এলেকাত এটাৰ পিছত এখনৰ পিছত এখনকৈ বি পি এফ দলৰ দলীয় সভা অনুষ্ঠিত কৰি গৈছে । প্ৰতিখন দলীয় সভাত তেখেতে ভাষণত বি টি আৰ এলেকাৰ কোকৰাঝাৰ আৰু মঙ্গলদৈ লোকসভা সমষ্টিত বি পি এফ দলৰ পৰা অকলে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰি আছে ।

আজি চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ৰাজহুৱা দুৰ্গামন্দিৰ প্ৰাঙ্গণত জিলা বিপিএফৰ উদ্যোগত আয়োজন কৰা দলীয় কৰ্মী সভা অনুষ্ঠিত হয় । আজি বাসুগাঁৱৰ দলীয় সভাত উপস্থিত হোৱাৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে কেইবা শতাধিক দলীয় নেতা কৰ্মীক লগতে লৈ প্ৰায় ১ কিলোমিটাৰ পথ খোজকাঢ়ি সভাস্থলীত আহি উপস্থিত হয় ।

জিলা বি পি এফৰ সভাপতি তথা পাৰিষদ পানীৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত দলীয় কৰ্মীসভাত উপস্থিত হৈ দলীয় কৰ্মীসকলৰ উপস্থিতি আৰু উৎসাহ দেখি সন্তুষ্টি প্ৰকাশ কৰে । আজিও প্ৰতিখন দলীয় সভাৰ দৰে তেখেতৰ পৰিচিত স্ব-ভঙ্গিমাৰ ভাষণেৰে বি টি চিৰ শাসকীয় ৰাজনৈতিক দল ইউ পি পি এল আৰু বি টি চি প্ৰশাসনৰ মুৰব্বী প্ৰমোদ বড়োক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ হকে নিষ্ঠা সহকাৰে কাম কৰি যাবলৈ দলীয় নেতা কৰ্মীসকলক আহ্বান জনায় বি পি এফৰ সভাপতিগৰাকীয়ে । জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত আয়োজিত দলীয় কৰ্মী সভাত বি টি চিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰী, বি টি চি পৰিষদৰ বিৰোধী দলৰ নেতা দেৰহাছাৎ বসুমতাৰী, পাৰিষদ পানীৰাম ব্ৰহ্ম, মহিলা কোষৰ সভানেত্ৰী সুপ্ৰীয়া ৰাণী ব্ৰহ্ম, বি পি এফ দলৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম, গোৰ্খা কোষৰ নেতা নন্দলাল মগৰ আদি কৰি দলৰ শীৰ্ষ পৰ্য্যায়ৰ নেতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।

অনুষ্ঠানৰ অন্তত কোকৰাঝাৰ আৰু চিৰাং জিলাত এটাৰ পিছত এটা লুন্ঠন আৰু শেহতীয়াকৈ বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ তুলসীবিলত ডকাইতে এজন লোকক গুলীয়াই নিহত কৰাৰ ঘটনা সন্দৰ্ভত প্ৰশ্ন কৰাত হাগ্ৰামা মহিলাৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰাত মানা আছে বুলি উল্লেখ কৰি মন্তব্য দিয়াৰ পৰা বিৰত থাকে। কিন্তু কাৰ নিৰ্দেশত হাগ্ৰামা মহিলাৰীৰ দৰে নেতাই এই অপৰাধমূলক ঘটনাৰ প্ৰতিক্ৰিয়া সংবাদ মাধ্যমৰ আগত দিবলৈ সংকোচ কৰি আছে এই কথা উল্লেখ নকৰি তেখেতৰ স্বভাৱ সুলভ ভঙ্গিমাৰে বিষয়টোৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰা পৰিলক্ষিত হয় ।

তদুপৰি যোৱা ১০ ফেব্ৰুৱাৰী তাৰিখে কাজলগাঁৱত বি পি এফ দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত প্ৰাক্তন মন্ত্ৰী তথা বি পি এফ দলৰ এজন প্ৰভাৱশালী নেতা চন্দন ব্ৰহ্ম অনুপস্থিত আছিল। তদুপৰি বি পিএফ বিভিন্ন দলীয় মেল মিটিঙত চন্দন ব্ৰহ্মৰ অনুপস্থিতি সন্দৰ্ভত প্ৰশ্ন কৰাত হাগ্ৰামা মহিলাৰীয়ে কয় যে, মই কাৰো সন্দৰ্ভত কোনো মন্তব্য নকৰো কাৰণ মোক এইবিলাক ক'বলৈ মানা কৰা আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

কোনে মুখ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে হাগ্ৰামা মহিলাৰীৰ? দল আৰু অপৰাধমূলক ঘটনা সন্দৰ্ভত নকৰে মন্তব্য...
APPSC পৰীক্ষা কেলেংকাৰীঃ আত্মহত্যা নে হত্যা কৰা হ'ল সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in