/asomiyapratidin/media/media_files/2025/05/07/084ChHbEbKvyy5h04REX.jpg)
ডিজিটেল সংবাদ লংকাঃ ৰাজ্যৰ মুঠ ১৩ খন জিলাত অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজতে কেইবাটাও স্থানত কেইবাটাও বিসংগতিৰ তথ্য পোহৰলৈ আহিছে। তাৰ মাজতেই এইবাৰ হোজাইত এগৰাকী পোলিং বিষয়া কৰ্তব্যৰত অৱস্থাতে অসুস্থ হৈ পৰাৰ খবৰ আহিছে।
জানিব পৰা মতে হোজাই জিলাৰ ধলপুখুৰী গাওঁ পঞ্চায়তৰ ৫৬১ নং ভোট কেন্দ্ৰৰ ভীমৰ আলী এল পি স্কুলত সংঘটিত হৈছে এই ঘটনা। পুৱা ৭-৩০ বজাৰ পৰা ভোটদান পূৰ্ণ গতিত চলি থকাৰ সময়তে পোলিং বিষয়া আনোৱাৰ হুছেইন হঠাৎ অসুস্থ হৈ ঢলি পৰে।
পাছত জানিব পৰা মতে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছে। কৰ্তব্যৰত অৱস্থাতে হঠাৎ এইদৰে ঢলি পৰাত তেওঁক তৎকালীনভাৱে জোৰপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে তেওঁ পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত আছিল বুলি জানিব পৰা গৈছে।