লুৰীণে দুটা নিৰ্বাচন হাৰিছে এইটোও হাৰিব,তেওঁলৈ শুভেচ্ছা থাকিলঃ মন্ত্ৰী পীযুষ

যিসকলে উচ্চ বাক্য কয়, যিয়ে নতুনকৈ কাপোৰ চিলাই, যিয়ে মুখ্যমন্ত্রী হ'ম বুলি ভাবে সেইসকলেই নিৰ্বাচনত হাৰে...

author-image
Asomiya Pratidin
New Update
লুৰীণে দুটা নিৰ্বাচন হাৰিছে এইটোও হাৰিব,তেওঁলৈ শুভেচ্ছা থাকিলঃ মন্ত্ৰী পীযুষ

ডিজিটেল সংবাদ,হোজাইঃ "Exit Poll ৰ যি কথা সেইয়া আমাৰ বাবে উৎসাহ জনক। NDA য়ে প্ৰায় ৪০০ ৰ আশে পাশে জয়ী হ'ব। নৰেন্দ্ৰ মোডীয়ে যোৱা ১০ বছৰত যি কাম কৰিলে সেই কথাৰ প্ৰতিদান ৰাইজে নিশ্চয়কৈ দিছে। অসমত ১২টা সমষ্টিত আমি জয় লাভ কৰিম" দেওবাৰে হোজাইত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্রী পীযুষ হাজৰিকাই।

Advertisment

দেওবাৰে হোজাইৰ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী হাজৰিকাই। উক্ত সময়ত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত হাজৰিকাই আগন্তুক নিৰ্বাচনী ফলাফল সন্দৰ্ভত বহু কেইটা মন্তব্য কৰে।

তেওঁ কয় যে, কংগ্ৰেছে প্ৰতি বাৰেই চৰকাৰ গঠন কৰিম বুলি কয়। বিগত ১৪ টা নিৰ্বাচনৰ প্ৰত্যেকটো নিৰ্বাচনতেই তেওঁলোকে জিকিম বুলি কৈছিল। কংগ্ৰেছে চিন্তা কৰে আৰু আমি চৰকাৰ বনাও কাৰণ আমি ৰাইজৰ লগত আছো। সেইকাৰণে আমি নিৰ্বাচনৰ আগত ডাঙৰ ডাঙৰ কথা নকওঁ। যিসকলে উচ্চ বাক্য কয়, যিয়ে নতুনকৈ কাপোৰ চিলাই, যিয়ে মুখ্যমন্ত্রী হ'ম বুলি ভাবে সেইসকলেই নিৰ্বাচনত হাৰে।

ইয়াৰোপৰি নৰেন্দ্ৰ মোডীয়ে ৪৫ ঘণ্টীয়া আধ্যাত্মিক ধ্যান সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছত লিখা লিখনী সন্দৰ্ভটো মন্তব্য কৰে পীযুষ হাজৰিকাই। ইয়াৰোপৰি লুৰীণ জ্যোতি গগৈয়ে Exit Poll একো নাই বুলি কোৱা সন্দৰ্ভতো তেওঁ কয় যে, " লুৰীণ জ্যোতি গগৈ সন্দৰ্ভত মই বেছিকৈ ক'বলৈ বেয়া পাও। তেওঁ একেলগে দুটা নিৰ্বাচনত হাৰিছে। তিনি নম্বৰটোতো হাৰিব। তেখেত লাগি থাকক, লাগি থাকিলে কেতিয়াবা হয়তো ক'ৰবাত সফলতা পাব। কিন্তু তেওঁ বেয়া সংগত পৰিলে, লুৰীণ জ্যোতিয়ে কৈছিল যে তেওঁ কোনো ৰাষ্ট্ৰীয় পাৰ্টীৰ লগত নাযায় কিন্তু তেওঁ কংগ্ৰেছৰ লগত গৈ নিৰ্বাচন খেলিলে।গতিকে মানুহে এই কথাবোৰ বেয়া পায়। তেখেত এইবাৰো হাৰিব। তেখেত লাগি থাকক শুভেচ্ছা আছে।"

আনহাতে, আজি মন্ত্ৰী গৰাকীৰ হোজাই ভ্ৰমণক লৈ ক্ষোভ উজাৰে লৈ হোজাইৰ ইছলামপুৰ ৰাইজে। কেৱল ৰায়কতা, চন্দনপুৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি উভতি যোৱাক লৈ ক্ষুব্ধ হৈ পৰে ইছলামপুৰৰ ৰাইজ। ইছলামপুৰ পৰিদৰ্শন কৰিম বুলি কৈ উপস্থিত নোহোৱা লৈ মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় যুৱকে।

Also Read: হোজাইত বানাক্ৰান্ত ৰাইজৰ কাষত মন্ত্ৰী পীযুষ

Pijush hazarika visited hojai hojai erosion LURIN JYOTI GOGOI pijush hazarika