লামডিঙত পাকিস্তানৰ পতাকাৰ ওপৰত 'টয়লেট' কৰাৰ আহ্বানেৰে পোষ্টাৰ...

অসমৰ হোজাই জিলাৰ লামডিঙত পাকিস্তানৰ পতাকাত টয়লেট কৰিবলৈ আহ্বান জনাই কোনো অজ্ঞাতই সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ।

author-image
Asomiya Pratidin
New Update
লামডিঙত পাকিস্তানৰ পতাকাৰ ওপৰত 'টয়লেট' কৰাৰ আহ্বানেৰে পোষ্টাৰ...

ডিজিটেল ডেস্কঃ ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ পিছৰে পৰা পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত সৃষ্টি হোৱা ক্ষোভ এতিয়াও হ্ৰাস হোৱা নাই। ৭ মে'ৰ পৰা আৰম্ভ হোৱা যুদ্ধ আৰু তাৰ পিছৰ যুদ্ধ  বিৰতি এই গোটেই সময়ছোৱাত পাকিস্তানক ঘৃণাৰে উপচায় দিছে ভাৰতীয়ই। 

Advertisment

ভাৰত বিৰোধী পাকিস্তানে সন্ত্ৰাসবাদক পোহপাল দি ভাৰতৰ বিৰুদ্ধেই ব্যৱহাৰ কৰি অহাৰ প্ৰমাণ স্পষ্ট হৈছে। পাকিস্তানৰ এনে ভূমিকাৰ বাবেই পাকিস্তানৰ বিৰুদ্ধে ভাৰতত বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিবাদ অব্যাহত ৰাখিছে। 

ৰাজপথত পাকিস্তানৰ পতাকা অংকন কৰি তাৰ ওপৰেদি খোজ কঢ়া, গাড়ী চলোৱা আদিৰ দৰে পন্থাৰে প্ৰতিবাদ কৰাৰ পিছত এইবাৰ অসমৰ হোজাই জিলাৰ লামডিঙত পাকিস্তানৰ পতাকাত টয়লেট কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। 

ৰে'ল নগৰি লামডিঙৰ ৰে'ল মাণ্ডলিক কাৰ্যালয়ৰ সমীপত থকা ৰে'লৱে লেবেল ক্ৰছিং গেটৰ কাষত থকা খুঁটা, দেৱাল আদিকে ধৰি বিভিন্ন স্থানত পাকিস্তানৰ পতাকাৰ পোষ্টাৰ লগাই তাৰ ওপৰত 'টয়লেট হেয়াৰ' বুলি লিখা আছে। ধাৰণা কৰা হৈছে পাকিস্তানৰ বিৰুদ্ধে এইদৰেই ক্ষোভেৰে কোনোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। 

কিন্তু এই কাম  কোনে কৰিছে সেয়া জানিব পৰা হোৱা নাই। কোনো ব্যক্তি নে সংগঠন ইয়াৰ আঁৰত জড়িত সেয়াও স্পষ্ট নহয়। বিষয়টোক লৈ লামডিঙত সৰব চৰ্চা হোৱাও পৰিলক্ষিত হৈছে। 

পাকিস্তান লামডিং