ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই হোজাই জিলা ভ্ৰমণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনিসমূহৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে । হোজাই আৰু লামডিং বিধানসভা সমষ্টিৰ বিধায়ক ক্ৰমে ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰৰ উপস্থিতিত মন্ত্ৰী হাজৰীকাই জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ পৰা জিলাখনত চলি থকা চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয় ।
পৰ্যালোচনা সভাখনত জিলাখনৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ ৰাখি চৰকাৰী আঁচনিসমূহ যাতে সঠিকভাৱে ৰূপায়ণ কৰা হয়, তাৰ বাবে সকলোকে তীক্ষ্ণ দৃষ্টি দিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । পৰ্যালোচনা সভাখনত জিলাখনৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ ৰাখি চৰকাৰী আঁচনিসমূহ যাতে সঠিকভাৱে ৰূপায়ণ কৰা হয়, তাৰ বাবে সকলোকে তীক্ষ্ণ দৃষ্টি দিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।
মন্ত্ৰী হাজৰীকাই কৃষি বিভাগৰ আঁচনিসমূহ আৰু বিভাগৰ দ্বাৰা কৰিবলগীয়া কাৰ্যসমূহৰ প্ৰগতিৰ বিষয়ে বুজ লৈ প্ৰকৃত যোগ্য কৃষকসকলেহে যাতে আঁচনিসমূহৰ সুবিধা লাভ কৰে, তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ।
অভিভাৱক মন্ত্ৰীগৰাকীয়ে আজিৰ সভাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসম্পদ, জনস্বাস্থ্য আৰু কাৰিকৰী, লোক নিৰ্মাণ, শিক্ষা, স্বাস্থ্য আদি বিভাগৰ বিষয়াৰ পৰা জিলাখনৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰো বুজ লয় ।