/asomiyapratidin/media/media_files/2025/05/26/zAQ1ppldLwJ6SvvyBhQq.jpg)
ডিজিটেল সংবাদ লামডিংঃ লামডিঙত সংঘটিত হৈছে এক কৰুণ ঘটনাা। এগৰাকী ৪৫ বছৰীয়া ব্যক্তি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে। জানিব পৰা মতে মৃত ব্যক্তিগৰাকীৰ নাম বাপন দাস।
জানিব পৰা মতে বাপন দাস নামৰ লোকজনে এটা মন্দিৰৰ বিদ্যুৎ সংযোগ কৰিবলৈ চেষ্টাৰ সময়তে এই অঘটন সংঘটিত হয়। মৃত বাপন দাসৰ ঘৰ উত্তৰ লামডিঙৰ ঝুলণপুলত।
বিদ্যুৎস্পৃষ্ট হোৱাৰ পিছতে বাপন দাসক ড০ শ্যামা প্ৰসাদ মুখাৰ্জী মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।