লটাৰী খেলক লৈ লামডিং ব্ৰিক ফিল্ডত উত্তেজনা: উপহাৰৰ বাহন জব্দ আৰক্ষীৰ

লটাৰী খেলক লৈ লামডিং ব্ৰিক ফিল্ডত উত্তেজনা: উপহাৰৰ বাহন জব্দ আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
লটাৰী খেলক লৈ লামডিং ব্ৰিক ফিল্ডত উত্তেজনা: উপহাৰৰ বাহন জব্দ আৰক্ষীৰ

ডিজিটেল সংবাদ,লামডিংঃ লটাৰী খেলক লৈ লামডিং ব্ৰিক ফিল্ডত উত্তেজনাময় পৰিৱেশ৷ উচ্চতম ন্যায়ালয়ে অসমত অনলাইন-অফলাইন সকলো ধৰণৰ লটাৰী নিষিদ্ধ কৰাৰ পিছতো লামডিঙত কোটি টকাৰ লটাৰীৰ আয়োজন কৰে।

Advertisment

এই সন্দৰ্ভত জানিব পাৰি উক্ত স্থানত হোজাই জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ ব্ৰিকফিল্ড শীতলাবাড়ীৰ লটাৰীৰ সকলো উপহাৰ বাহন জব্দ কৰাৰ চেষ্টা কৰে ৷ কিন্তু সাধাৰণ জনতাই আৰক্ষীৰ বাহন সমূহ জব্দ কৰি লৈ যোৱাত বাধা প্ৰদান কৰে ৷

যাৰ ফলত আৰক্ষীয়ে উপহাৰ বাহনসমূহ জব্দ কৰাৰ লগতে মন্দিৰ প্ৰাংগণত ৫জন ব্যক্তিক জিম্মাত লয়। লগতে আগন্তুক দিনত ন্যায়ালয়ৰ কোনো নিৰ্দেশ নহা পৰ্যন্ত আৰক্ষীয়ে তেওঁলোকক নিজ জিম্মাত ৰাখিছে।

উল্লেখ্য যে, কোটি কোটি টকাৰ এই লতাৰি খেলখন বাধা প্ৰদান কৰাক লৈ টিকট ক্ৰয় কৰা সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Also Read: ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ আমোলাপট্টিৰ কৃষ্টি কন্যাৰ...

Lottery Game Lumming