/asomiyapratidin/media/media_files/2025/06/10/V3n0HZqMYhEXSkYrhnmn.jpg)
ডিজিটেল সংবাদ লামডিংঃ সোমবাৰে নিশা লামডিঙৰ ৰাজপথত মাতাল ট্ৰাক চালকে কৰা উদ্ভণ্ডালিয়ে চৰম সীমা অতিক্ৰম কৰিলে। ৰাজপথত আৰক্ষীৰ বেৰিকেড ভাঙি আৰক্ষী বিষয়াসহ কেইবাজনো আৰক্ষী কৰ্মীক চুৰি চিমেণ্ট ভৰ্তি ট্ৰাকেৰে খুন্দিয়াবলৈ চেষ্টা কৰি পলায়নৰ অপচেষ্টা কৰে মাতাল ট্ৰাক চালকে।
জানিব পৰা মতে সোমবাৰে নিশা লামডিং সম-জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক প্লাৱন নাথৰ লগতে শংকৰদেৱ নগৰৰ আৰক্ষী বিষয়া বিজয়কৃষ্ণ দাসৰ নেতৃত্বত উদালীত নাকা চেকিং চলাইছিল। সেই সময়তে এ এছ ২৫ এচি ২৭৪৪ নম্বৰৰ সন্দেহজনক চুৰি ডালিময়া চিমেণ্ট ভৰ্তি ট্ৰাকখনে আৰক্ষীৰ বেৰিকেড ভাঙি ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকজনক খুন্দিয়াবলৈ চেষ্টা কৰি দ্ৰুতগতিত পলায়নৰ চেষ্টা কৰে।
তাৰ পিছতে ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকজনে ট্ৰাকখনৰ পিছে পিছে খেদি আহে যদিও শংকৰদেৱ নগৰ আৰক্ষী পহৰা চকীৰ আৰক্ষী বিষয়া বিজয় কৃষ্ণ দাসে ৰাজপথত কেইবাখনো গাড়ী আবদ্ধ কৰি ট্ৰাকখন জব্দ কৰে।
আৰক্ষীৰ দলটোক দেখি ট্ৰাকখনৰ চালকজনে ডিভাইডাৰৰ ওপৰেদি ট্ৰাকখন লৈ শংকৰদেৱ নগৰ আৰক্ষীকো মহতিয়াই নিয়াৰ অপচেষ্টাৰে পলায়ন কৰিবলৈ চেষ্টা কৰি যদিও ব্যৰ্থ হয়। পিছত ট্ৰাক চালকজনে ৰাজপথতে ট্ৰাকখন এৰি পলায়ন কৰে। অৱশ্যে কেইবা কিলোমিটাৰ খেদি খেদি এই ট্ৰাক চালকজনক আটক কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা মতে ট্ৰাকখনত আছিল বৃহৎ পৰিমাণৰ ডালমিয়া চিমেণ্ট। কিন্তু এই চিমেণ্টখিনিৰ কোনো নথিপত্ৰ দেখুৱাব পৰা নাই চালকজনে। সেয়ে এয়া চুৰি চিমেণ্ট বুলিয়েই সন্দেহ কৰিছে আৰক্ষীয়ে। বৰ্তমান এই ট্ৰাক চালকজন লংকা থানাত আছে আৰু আৰক্ষীয়ে অধিক তদন্তৰ বাবে জেৰা কৰি চলাইছে।