লামডিং ৰে'ল জংছনত অবৈধ নিচাজাতীয় টেবলেট জব্দ...

মঙ্গলবাৰেও জব্দ কৰিছিল অবৈধ সুৰা

author-image
Asomiya Pratidin
New Update
লামডিং ৰে'ল জংছনত অবৈধ নিচাজাতীয় টেবলেট জব্দ...

লামডিং ৰে'ল জংছনত অবৈধ নিচাজাতীয় টেবলেট জব্দ...

ডিজিটেল সংবাদ লামডিংঃ অবৈধ তথা নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ কৰিডৰলৈ ৰূপান্তৰ হৈছে লামডিং। লামডিং আৰক্ষী, লামডিং ৰে'ল আৰক্ষীৰ ধাৰাবাহিক তৎপৰতাত বাৰে বাৰে লামডিঙত এনে অবৈধ আৰু নিষিদ্ধ সামগ্ৰী জব্দ কৰি অহাৰ পিছতো নিষিদ্ধ ড্ৰাগছ, গাঞ্জা, অবৈধ সুৰা, বাৰ্মিজ চুপাৰী, বিদেশী চিগাৰেট আদিৰ সৰবৰাহ হৈয়ে আছে।

Advertisment

আজি তেনে এক অভিযানতে লামডিং আৰক্ষীয়ে পুনৰ জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী। লামডিং ৰে'ল আৰক্ষী আৰু চি আই বিৰ যৌথ অভিযানত প্ৰায় ২০ হাজাৰ নিচা জাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে।

ৰে'ল আৰক্ষীয়ে আজি লামডিং ৰে'ল জংছনত ১৫৬৬৬ নামনিমুৱা মৰিয়নি গুৱাহাটী বিজি এক্সপ্ৰেছ ৰে'লৰ সাধাৰণ শ্ৰেণীৰ ডি-১ ডবাৰ এচা চিটৰ তলত পৰিত্যক্ত অৱস্থাত জব্দ কৰে এই টেবলেটখিনি। আৰক্ষীয়ে জনোৱা অনুসৰি এই টেবলেটখিনিৰ নিষিদ্ধ বজাৰত আনুমানিক বজাৰ মূল্য প্ৰায় ১০ লাখ টকা।

সন্দেহ অনুসৰি এই টেবলেটখিনি ডিমাপুৰৰ পৰা সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল। এই সন্দৰ্ভত অৱশ্যে কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ইয়াৰ পূৰ্বে মঙ্গলবাৰে লামডিং আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকৰ পৰা প্ৰায় ৪০ লাখ টকাৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল।

গুৱাহাটীৰ পৰা লংকা অভিমুখী ট্ৰাকখনত অভিযান চলাই আৰক্ষীয়ে প্ৰায় ১০০০ টা বিলাতী সুৰাৰ বটল জব্দ কৰিছিল। অৱশ্যে এই সুৰাখিনি জব্দ কৰিলেও কোনো এজন লোককে আটক কৰিব নোৱাৰিলে আৰক্ষীয়ে।

Also Read: প্ৰথমবাৰৰ বাবে প্ৰেয়সীৰ সৈতে দেখা গ'ল আৰ্যনক

নিচা জাতীয় টেবলেট লামডিং