/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/62d17e73-65c6-42ff-bdd4-961c34c5e6c8/lumding_7.jpg)
লামডিঙৰ পথৰ কাষৰ জংঘলত উদ্ধাৰ মানৱ শিশুৰ ভ্ৰুণ..
ডিজিটেল সংবাদ লামডিংঃ লামডিঙত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনিত কৰা ঘটনা ৷ লামডিঙৰ ২নং শান্তিপাৰা পথৰ জংঘলত উদ্ধাৰ হৈছে মানৱ শিশুৰ ভ্ৰুণ।
এটি পলিথিনৰ বেগত পৰিত্যক্ত অৱস্থাত শান্তিপাৰৰ পথৰ ৰাধা গোবিন্দ মন্দিৰ পিচফালে উদ্ধাৰ কৰা হৈছে এই মানৱ শিশুৰ ভ্ৰুণটো। কোনো সভ্য সমজাৰ লোকে নিজৰ লজ্জা লোকোৱাৰ বাবেই হয়তো এই ভ্ৰুণ পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷
ইতিমধ্যে লামডিং আৰক্ষীয়ে শিশুটিৰ ভ্ৰুণ উদ্ধাৰ কৰিছে। আনহাতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
Also Read: হোজাইত ১১.৫০ লাখ টকাসহ ৮ জন ব্যক্তিক আটকঃ ২ খন বাহন জব্দ...