লংকাত জব্দ বৃহৎ পৰিমাণৰ মেঘালয়ৰ বিলাতী সুৰা...

আলু, পিঁয়াজৰ তলত লুকুৱাই নিছিল সুৰাখিনি

author-image
Asomiya Pratidin
New Update
লংকাত জব্দ বৃহৎ পৰিমাণৰ মেঘালয়ৰ বিলাতী সুৰা...

লংকাত জব্দ বৃহৎ পৰিমাণৰ মেঘালয়ৰ বিলাতী সুৰা...

ডিজিটেল সংবাদ লংকাঃ দুৰ্গা পূজা উৎসৱৰ মাজত ৰাজ্যত অব্যাহত আছে অবৈধ বিলাতী সুৰাৰ সৰবৰাহ। আজি গুৱাহাটীৰ পৰা চুবুৰীয়া মণিপুৰলৈ অবৈধভাৱে বিলাতী সুৰা সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ হাতত জব্দ হোৱাৰ পাছতে এই কথো প্ৰমাণ হৈছে।

Advertisment

উল্লেখ্য যে, আজি গুৱাহাটীৰ পৰা মণিপুৰলৈ মেঘালয়ত প্ৰস্তুত কৰা সুৰা অবৈধভাৱে সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে লংকাৰ উদালী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি লংকা-লামডিং সংযোগী চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে। সৰবৰাহকাৰীয়ে অবৈধ সুৰাখিনি এখন বলেৰ' পিক আপভেন কঢ়িয়াই আনিছিল।

আৰক্ষীয়ে বাহনখনৰ পৰা মুঠ ৫২ কাৰ্টুন সুৰা জব্দ কৰিছে। জানিব পৰা মতে বলেৰ' পিক আপ ভানখনত আলু, পিঁয়াজৰ তলত লুকুৱাই আনিছিল এই সুৰাখিনি। সুৰাৰ বটলসমূহ আছিল মিঠাতেলৰ কাৰ্টুনত।

ইতিমধ্যে,আৰক্ষীয়ে বলেৰ' পিকআপখনৰ দুই চালক হিবজুৰ ৰহমান আৰু চুলতান আহমেদক আটক কৰিছে। অবৈধ বিলাতী সুৰা সৰবৰাহ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS 33C- 0755। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি...

উদালী বিলাতী সুৰা লংকা