/asomiyapratidin/media/media_files/2025/01/27/NSfbEmSCbWBZUCyorQJH.jpg)
ডিজিটেল সংবাদ লামডিংঃ আজি লামডিঙত উপস্থিত হয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ৷ আজি বিয়লি লামডিঙত উপস্থিত হোৱাৰ পাছতে ৰাজ্যপালগৰাকীয়ে ড০ শ্যামা প্ৰসাদ মুখাৰ্জী মহকুমা লামডিং অসমাৰিক চিকিৎসালয় পৰিদৰ্শন কৰে।
এই সময়ত ৰাজ্যপালগৰাকীক সংগ দিয়ে লামডিং বিধানসভাৰ বিধায়ক শিবু মিশ্ৰয়। ৰাজ্যপালগৰাকী চিকিৎসালয়খনত উপস্থিত হোৱাৰ পাছতে তেওঁ চিকিৎসালয় কৰ্তৃপক্ষই উষ্ম আদৰণি জনায়।
তাৰ পাছতে তেওঁ নৱ নিৰ্মিত চিকিৎসালয়ৰ বিভিন্ন দিশ পৰিদৰ্শন কৰে। ইয়াৰ অন্তত তেওঁ সংবাদ মাধ্যমকো সম্বোধন কৰে। তেওঁ লামডিঙত উপস্থিত হৈ আনন্দিত বুলি উল্লেখ কৰে।
উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে আজি লামডিঙত উপস্থিত হৈছে ৰাজ্যপালগৰাকী। আজি নিশা তেওঁ ৰে'লৱে ৰেষ্টহাউচত কটাই নিশাৰ আহাৰ হ্ৰহণ কৰিব। কালিকৈ তেওঁ লামডিঙৰ কেইবাটাও স্থান পৰিদৰ্শন কৰিব।
গুৱাহাটীৰ পৰা ঘাইপথেৰে লামডিঙলৈ অহা ৰাষ্ট্ৰপতিগৰাকীৰ নিৰাপত্তাৰ বাবে লামডিং চহৰৰ নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে। তেওঁ লামডিঙত উপস্থিত হোৱাৰ লগে লগে জিলাৰ আয়ুক্ত বিকাশ ভাগৱতী, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, বিধায়ক শিবু মিশ্ৰই আদৰণি জনায়।
বিধায়কগৰাকীয়ে ৰাজ্যপালগৰাকীয়ে লামডিং ভ্ৰমণ কৰাৰ বাবে এয়া লামডিঙৰ বাবে গৌৰৱৰ ক্ষণ বুলি উল্লেখ কৰে। উল্লেখ্য যে, কালিলৈ ৰাজ্যপালগৰাকীয়ে প্ৰথমে কালিবাড়ীত পূজা অৰ্চনা আগবঢ়াব আৰু তাৰ পাছত হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়লৈ যাব।