লংকাৰ হোটেলৰ পৰা সোণৰ বিস্কুট উদ্ধাৰ : বহিঃৰাজ্যৰ ৩জনক আটক

লংকাৰ হোটেলৰ পৰা সোণৰ বিস্কুট উদ্ধাৰ : বহিঃৰাজ্যৰ ৩জনক আটক

author-image
Asomiya Pratidin
New Update
লংকাৰ হোটেলৰ পৰা সোণৰ বিস্কুট উদ্ধাৰ : বহিঃৰাজ্যৰ ৩জনক আটক

ডিজিটেল সংবাদ, লংকা : আৰক্ষীৰ অভিযানত লংকাত উদ্ধাৰ কৰা হৈছে সোণৰ বিস্কুট। শনিবাৰে নিশা লংকা আৰক্ষীয়ে অভিযান চলাই চহৰখনৰ ময়ুৰ হোটেলৰ ১০৩  নং কোঠাৰ পৰা দুখন সোণৰ বিস্কুট আৰু নগদ ৯লাখ টকা উদ্ধাৰ কৰে।
ইয়াৰোপৰি উক্ত ঘটনাৰে জড়িত থকাৰ সন্দেহত মহাৰাষ্ট্ৰৰ কিষান কৌৰা, ৰাজেন্দ্ৰ আৰু গজেন্দ্ৰ নামৰ ৩জন লোকক আটক কৰে।

Advertisment

ময়ূৰ হোটেলৰ মেনেজাৰগৰাকীয়ে জানিবলৈ দিয়া মতে দুদিন পূৰ্বে এজন লোকে হোটেলৰ কোঠা ভাৰা লৈছিল। তাৰ পিছতে বাকী দুজন লোক পৰৱৰ্তী সময়ত ভাড়া লোৱা লোকজনৰ সৈতে একলগ হয়।

আটকাধীন লোক কেইজনে কাৰেন্ট একাউণ্টৰ জৰিয়তে বেংকৰ পৰা ধনখনি উলিয়াইছিল বুলি জানিবলৈ দিয়ে। অৱশ্যে কি সঁচা, কি মিছা সকলো তদন্তৰ পাছতহে পোহৰলৈ আহিব।

তাৰোপৰি জব্দকৃত বিস্কুটকেইখন সোণৰ নে আন কিবা ধাতুৰ সেয়াও পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব। ইফালে সুদূৰ মহাৰাষ্ট্ৰৰ পৰা কেনেদৰে এই সোণৰ বিস্কুট দুটা আৰক্ষীৰ চকুত ধূলি দি তিনি ধৃতই লংকালৈ আনিলে সেয়াও ৰহস্যৰ বিষয় হিচাপে চৰ্চিত হৈছে।

Also Read: খেল বাতিল হ'লেও নাই আক্ষেপ ! প্ৰিয় খেলুৱৈক কাষত পাই উৎফুল্লিত কানাডাৰ ক্ৰিকেটাৰ

Hojai Police lanka