পিতা-পুত্ৰই মিলি অপহৰণ কৰিলে কিশোৰীঃ চাৰি দিনে হাত-ভৰি বান্ধি ৰাখিলে বিচনাৰ তলত...

লামডিঙৰ গংগা পথত সংঘটিত হৈছে এক ভয়ানক ঘটনা। এগৰাকী কিশোৰীক চাৰি দিনে পিতা-পুত্ৰই অপবৰণ কৰি নিজৰ ঘৰত লুকুৱাই ৰখাৰ অভিযোগ। এই অভিযোগেৰেই নিশা উত্তপ্ত হৈ উঠে অঞ্চলটো।

author-image
Asomiya Pratidin
New Update
পিতা-পুত্ৰই মিলি অপহৰণ কৰিলে কিশোৰীঃ চাৰি দিনে হাত-ভৰি বান্ধি ৰাখিলে বিচনাৰ তলত...

ডিজিটেল সংবাদ লামডিং: লামডিঙৰ গংগা পথত সংঘটিত হৈছে এক ভয়ানক ঘটনা। এগৰাকী কিশোৰীক চাৰি দিনে পিতা-পুত্ৰই অপবৰণ কৰি নিজৰ ঘৰত লুকুৱাই ৰখাৰ অভিযোগ। এই অভিযোগেৰেই নিশা উত্তপ্ত হৈ উঠে অঞ্চলটো। 

Advertisment

উল্লেখ্য যে, লামডিঙৰ গংগা পথত নিবাসী ৰন্ধিৰ গুপ্তা আৰু তেওঁৰ পুত্ৰ বিশাল গুপ্তাই একেটা অঞ্চলৰে এগৰাকী কিশোৰী অসৎ উদ্দেশ্যৰে অপহৰণ কৰি নিজৰ ঘৰতে লুকুৱাই ৰখাৰ অভিযোগ উঠিছে। জানিব পৰা মতে গংগা পথৰ এই পিতা-পুত্ৰই নিজ ভগ্নীৰ সৈতে মিলি চাৰিদিন পূৰ্বে কিশোৰী গৰাকী ঘৰলৈ উভটাৰ সময়তে অপহৰণ কৰিছিল৷ 

অপহৰণ কৰি পিতা-পুত্ৰই কিশোৰী গৰাকীক হাত ভৰি বান্ধি নিজৰ ঘৰৰ ভিতৰত বিছনাৰ তলত সুমুৱাই থোৱাৰ গুৰুতৰ অভি়যোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা ভুক্তভোগী কিশোৰী গৰাকীয়ে৷ নিৰুদ্দিষ্ট কিশোৰী গৰাকী ৰন্ধিৰ গুপ্তাৰ ঘৰতে থকা বুলি জানিব পাৰি স্থানীয় ৰাইজে তেওঁৰ ঘৰত সোমাই সন্ধান কৰাত কিশোৰীগৰাকীক হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰে।

লগে লগে উত্তেজিত ৰাইজে ৰন্ধিৰ গুপ্তা আৰু বিশাল গুপ্তাক উত্তম-মাধ্যম সোধাই পৰবৰ্তী সময়ত আৰক্ষীৰ হাতত গতাই দিয়ে। কিন্তু কি উদ্দেশ্যৰে তেওঁলোকে এই কাম কৰিলে সেয়া এতিয়াও স্পষ্ট নহয়। কিশোৰী গৰাকীক এইদৰে অপহৰণ কৰাৰ আঁৰত প্ৰেম জনিত কোনো সম্পৰ্ক আছে নে পাৰিবাৰিক কিবা কন্দল আছে সেই লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। 

অৱশ্যে এই সকলো প্ৰশ্ন, সন্দেহ আৰক্ষীৰ তদন্তত হে স্পষ্ট হ’ব।ইতিমধ্যে বিষয়টো আৰক্ষীৰ হাতলৈ গৈছে আৰু তদন্ত আৰম্ভ হৈছে। 

লামডিং