Advertisment

লামডিঙত নিশা অবৈধ সামগ্ৰীসহ পুনৰ দুজনক আটক...

বৃহস্পতিবাৰে নিশা লামডিং আৰক্ষীয়ে এক অভিযান চলাই আইজলৰ পৰা হোজাইলৈ সৰবৰাহ কৰাৰ সময়তে কেইবা লাখ টকাৰ নিষিদ্ধ হেৰ'ইনসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। 

author-image
Asomiya Pratidin
New Update
লামডিঙত নিশা অবৈধ সামগ্ৰীসহ পুনৰ দুজনক আটক...

ডিজিটেল ডেস্কঃ লামডিঙত পুনৰ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। বৃহস্পতিবাৰে লামডিং আৰক্ষীয়ে এক অভিযান চলাই কেইবা লাখ টকাৰ নিষিদ্ধ হেৰ'ইনসহ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। 

Advertisment

আৰক্ষীয়ে প্ৰকাশ কৰা মতে নিশা শিলচৰ-লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই এখন বাহনৰ পৰা ২৫ টা চাবোনৰ বাকচত ভৰাই অনা হে'ৰইনখিনি জব্দ কৰা হয়। হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈৰ নেতৃত্বত চলা এই অভিযানত জব্দ হোৱা হে'ৰইনখিনিৰ পৰিমাণ ২৯২.৩০ গ্ৰাম।

দুই সৰবৰাহকাৰী নগাঁৱৰ মোজাম্মিল হক আৰু ৰফিকুল ইছলামে আইজলৰ পৰা হোজাইলৈ এই নিষিদ্ধ হে'ৰইনখিনি সৰবৰাহ কৰি আনিছিল। আৰক্ষীয়ে এই নিষিদ্ধ সামগ্ৰী সৰবৰাহত ব্যৱহাৰ কৰা সামগ্ৰী পৰিবাহী এ এছ ০৬ বি চি ০০৬১ নম্বৰৰ বাহনখনো জব্দ কৰিছে। দুই সৰবৰাহকাৰীয়ে এই বাহনখনৰ ইঞ্জিনত লুকুৱাই আনিছিল হে'ৰইনখিনি।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে লামডিং ৰে'লৱে জংচনত গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক হৈছিল। ৰে'লৱে আৰক্ষী আৰু ৰে'লৱে সুৰক্ষা বাহিনীৰ চি আই বি দলে দুখন ৰে'লত পৃথকে পৃথকে অভিযান চলাই এই দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল। 

এই অভিযানত আটক দুই দুই সৰবৰাহকাৰী আছিল ক্ৰমে দৰং প্ৰিয়া চৌহান আৰু মহম্মদ ইমৰান। ৰে'লৱে আৰক্ষীয়ে প্ৰকাশ কৰা মতে ১৫৬৬৬ নামনিমুৱা মৰিয়নি-গুৱাহাটী ৰে'লখনত ৰে'ল আৰক্ষীয়ে অভিযান চলাই ২৩ কেজি গাঞ্জাসহ দৰং প্ৰিয়া চৌহানক আটক কৰে। তেওঁ ডিমাপুৰৰ পৰা গুৱাহাটীলৈ এই গাঞ্জাখিনি সৰবৰাহৰ চেষ্টা চলাইছিল। 

আনহাতে ১৫৯২৮ নামনিমুৱা তিনিচুকীয়া-ৰঙিয়া এক্সপ্ৰেছ ৰে'লৰ পৰা ৰে'ল সুৰক্ষা বাহিনীৰ চি আই বি দলে অভিযান চলাই ৪.৭ কেজি গাঞ্জাসহ মহম্মদ ইমৰানক গ্ৰেপ্তাৰ কৰে। মহম্মদ ইমৰানৰ ঘৰ উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰত। 

 

লামডিং ড্ৰাগছ সৰবৰাহকাৰী