লামডিঙৰ বিভিন্ন স্থানত চড়ক পূজা পালন...

আজি চ'ত মাহৰ অন্তিমটো দিনত লামডিঙৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা হয় চড়ক পূজা ৷ প্ৰতিবৰ্ষৰ দৰে চলিত বৰ্ষতো লামডিঙৰ বিএমবি হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হয় এই পূজা

author-image
Asomiya Pratidin
New Update
 লামডিঙৰ বিভিন্ন স্থানত চড়ক পূজা পালন...

ডিজিটেল সংবাদ লামডিংঃ আজি চ'ত মাহৰ অন্তিমটো দিনত লামডিঙৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা হয় চড়ক পূজা ৷ প্ৰতিবৰ্ষৰ দৰে চলিত বৰ্ষতো লামডিঙৰ বিএমবি হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হয় এই পূজা ৷

Advertisment

গোটেই চ'ত মাহটো মহাদেৱ আৰু মা কালিৰ পূজা অৰ্চনা কৰি, উপবাসে থাকি বিভিন্ন ৰীতি-নীতি অনুসৰণ কৰি চ'তৰ সংক্ৰান্তিত পালন কৰে এই পূজা। চড়ক পূজা উপলক্ষে বিভিন্ন ধৰণৰ দুঃসাহসিক খেলো প্ৰদৰ্শন কৰা হয়। 

বিশেষকৈ পিঠিত বৰশী লগাই ৰছিৰ জৰিয়তে ওলমি থকা খেল এই পূজাৰ  অন্যতম আকৰ্ষণ। আজি লামডিঙতো এই খেল প্ৰদৰ্শন কৰা হয়। আজি অনুষ্ঠিত হোৱা এই পূজাত কেইবাশ লোক উপস্থিত থাকে। 

লামডিং