মোৰাঝাৰ বজাৰৰ ব্যৱসায়ী আমিৰ হুছেইন নিৰুদ্দেশ

মোৰাঝাৰ বজাৰৰ ব্যৱসায়ী আমিৰ হুছেইন নিৰুদ্দেশ

ডিজিটেল সংবাদ,মোৰাঝাৰ : হোজাই জিলাৰ মোৰাঝাৰ বজাৰৰ ব্যৱসায়ী আমিৰ হুছেইন তথা আমিৰ মাষ্টাৰ বিগত ২০দিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই পৰিয়ালৰ লোকক চিন্তিত কৰি তুলিছে । অৱশেষত সন্ধানহীন হৈ থকা আমিৰ মাষ্টাৰৰ সন্ধানত দাদা মিচবা উদ্দিন মোৰাঝাৰ আৰক্ষীৰ দ্বাৰস্থ হৈছে ।

মিচবা উদ্দিনে মোৰাঝাৰ থানাত দিয়া এজাহাৰ অনুসৰি মোৰাঝাৰ বজাৰৰ বকুল বিল্ডিংত ভাড়াতীয়া হিচাপে আমিৰে স্ত্ৰী সন্তানসহ থকা মেলা কৰে আৰু এটা কোঠালীত অমৰ ইণ্ডিয়া ট্ৰেভেল্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান চলাই আহিছে । যোৱা ১৯ এপ্ৰিলত নিজৰ পৈত্ৰিক ঘৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পূব চামৰালিত যায় আৰু ভোটদান কৰি উভতি আহে ।

তাৰ পিছত আমিৰ হুছেইনে চিকিৎসা কৰোৱাৰ উদ্দেশ্যে শ্বিলং নেইগ্ৰীমচ চিকিৎসালয়ত যায় । তাত যোৱাৰ দুদিন পিছত আমিৰ হুছেইনে তাৰ স্ত্ৰী ৰোমানা বেগমৰ সৈতে ম'বাইলত কথা পাতে বুলি আমিৰৰ দাদা মিচবা উদ্দিনক জানিব দিয়ে ।

ইয়াৰ পিছৰ পৰাই পৰিয়ালৰ লোকে আমিৰৰ সৈতে যোগাযোগৰ চেষ্টা চলায় যদিও কোনো ম'বাইল নম্বৰ নোপোৱাত ব্যৰ্থ হয় । তেতিয়া মিচবা উদ্দিনে ভাই বোৱাৰী ৰোমানা বেগমৰ সৈতে যোগাযোগ কৰিও কোনো ধৰণৰ সম্ভেদ পোৱা নাই।

ইফালে দীৰ্ঘ সময় পাৰ হৈ যোৱাত আমিৰৰ পিতৃ পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে । অৱশেষত সন্ধানহীন হোৱা আমিৰৰ দাদা মিচবা উদ্দিনে শনিবাৰে মোৰাঝাৰ থানাত লিখিত এজাহাৰ দিয়া বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in