বৰাকলৈ অসম সাহিত্য সভাৰ সভাপতিসহ প্ৰতিনিধিৰ দলঃ লামডিঙত উষ্ম আদৰণি...

বৰাক উপত্যকালৈ ৰাওনা হোৱা অসম সাহিত্য সভাৰ প্ৰতিনিধি দলটো আজি লামডিঙত উপস্থিত হোৱাৰ পিছতে উষ্ম আদৰণি জনোৱা হৈছে। দলটোত আছে সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীও।

author-image
Asomiya Pratidin
New Update
বৰাকলৈ অসম সাহিত্য সভাৰ সভাপতিসহ প্ৰতিনিধিৰ দলঃ লামডিঙত উষ্ম আদৰণি...

ডিজিটেল সংবাদ লামডিংঃ লামডিঙত উপস্থিত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীসহ কেন্দ্ৰীয় সভাৰ বহু কেইজন বিষয়ববীয়া ৷ বৰাক উপত্যকালৈ অৰ্থাৎ কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত অসম সাহিত্য সভাৰ বৰাক-ব্ৰহ্মপুত্ৰৰ "সেতুবন্ধ" যাত্ৰা উপল্লক্ষে লামডিঙত উপস্থিত হয়হি দলটো ৷

Advertisment

লামডিঙত উপস্থিত হোৱাৰ লগে লগে লামডিং শাখা সাহিত্য সভাই উষ্ম আদৰণি জনোৱাৰ লগতে সকলোকে লামডিং ৰে'লৱে জংচনতে সম্বৰ্ধনাও জনায় ৷ লগতে লামডিং বাংলা সাহিত্য সংস্কৃতি মঞ্চৰ তৰফৰ পৰাও ড০ বসন্ত কুমাৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

সভাপতি ড০ গোস্বামীয়ে জনায় যে বৰাকৰ বাটচ'ৰা লামডিঙত উপস্থিত হৈ তেওঁ নথৈ আনন্দিত হোৱাৰ লগতে বৰাকলৈ বুলি সমন্বয় ৰক্ষাৰ যি যাত্ৰা তাত তেওঁলোক সফল হ'ব পাৰিব আৰু অসমীয়া ভাষা আৰু বঙলা ভাষাৰ সম্বন্ধ আগন্তুক দিনত এই "সেতুবন্ধ" যাত্ৰাৰেই সুদৃঢ় হৈ উঠিব ৷

লামডিং অসম সাহিত্য সভা বৰাক উপত্যকা