/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f8ad5159-6499-48f5-b872-08382c8c833d/8.jpg)
ডিজিটেল ডেস্কঃ লংকাত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ২ অভিযন্তাসহ কম্পিউটাৰ সহায়কে। উৎকোচ লোৱাৰ অভিযোগত আটক কৰা হৈছে অভিযন্তা উজ্জ্বল বৰগোহাঁই, প্রভাত কলিতা আৰু কম্পিউটাৰ সহায়ক সুৰজ বৰাক।
জানিব পৰামতে, উজ্জ্বল বৰগোহাঁই হোজাই জিলা পৰিষদৰ জলসিঞ্চন বিভাগৰ অভিযন্তা আৰু প্রভাত কলিতা লামডিং উন্নয়ন খণ্ডৰ অভিযন্তা। আনহাতে আটকাধীন সুৰজ বৰা লামডিং উন্নয়ন খণ্ডৰ কম্পিউটাৰ সহায়ক। সম্প্রতি লামডিং উন্নয়ন খণ্ড কাৰ্যালয়তে দুৰ্নীতি নিবাৰক শাখাই ৩ অভিযুক্তকে জেৰা কৰি আছে।