/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/eb5d49d0-3d3c-4c9d-b7d8-2b90f51ddb97/sahitya.jpg)
ডিজিটেল সংবাদ, টুম্প্ৰেঙঃ ১৯৭২ চনত গঠন হোৱা অসম সাহিত্য সভাৰ অন্যতম শাখাৰূপে স্বীকৃতিপ্ৰাপ্ত হোজাই সাহিত্য সভাই ইতিমধ্যে ৫০ টা বছৰ অতিক্ৰম কৰিছে। এই সন্ধিক্ষণত সাহিত্য সভাই বৰ্ষজোৰা কাৰ্যসূচীৰে " হোজাই সাহিত্য সভাৰ সোণালী জয়ন্তী " উদযাপন কৰি আছে।
২০২১ৰ ১৯ ডিচেম্বৰত শুভাৰম্ভ কৰা হোজাই সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপনৰ বিশেষ কাৰ্যসূচী হিচাপে অহা ২৬মাৰ্চ দেওবাৰে হোজাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সদস্য আৰু বিষয়ববীয়াসকলৰ মিলন সমাৰোহৰ লগত মুকলি সভা এখনো হোজাই নতুন বজাৰস্থিত বাণীকান্ত কাকতি ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিবলৈ দিয়ে।
কাৰ্যসূচী অনুসৰি সেইদিনা পুৱাৰে পৰা অসম সাহিত্য সভাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰয়াত সতীৰ্থসকলৈ শ্ৰদ্ধা নিবেদন, প্ৰাক্তন বিষয়ববীয়াৰ অন্তৰংগ আলাপ অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠান, বঁটা প্ৰদান আৰু মুকলি সভা অনুষ্ঠিত হ'ব। সভাত সভাপতিত্ব কৰিব হোজাই সাহিত্য সভাৰ সভাপতি দয়াল চন্দ্ৰ ক্ৰয়ে।
সভাখন উদ্ধোধন কৰিব অসম বিধান সভাৰ হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীয়ে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব টিহু মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক তথা হোজাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক কৰুণাকান্ত কলিতাই।
উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰতে আলোচনা চক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি সভাৰে সোণালী জয়ন্তী উদযাপনৰ কাৰ্যসূচী সামৰণি পৰিব। সেয়েহে উক্ত দিনা হোজাই সাহিত্য সভাৰ সোনালী জয়ন্তী উদযাপনৰ বিশেষ কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে উদ্যোগক্তাসকলে সকলোৰে সহায়-সহযোগিতাৰ কামনা কৰিছে ।
Also Read: বৰমা ছোৱালী হাইস্কুলত শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি বটাঁ প্ৰদান অনুষ্ঠান