/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-13-at-8.10.04-PM.jpeg)
ডিজিটেল সংবাদ মোৰাঝাৰ: বুধবাৰে নিশা হোজাইৰ বন সুৰক্ষা বিষয়া মহেশ নাথক তেওঁৰ চৰকাৰী আৱাসৰ পৰা হোজাই আৰক্ষীয়ে আটক কৰে।
চোৰাং কাঠ বিক্ৰীত জড়িত থকাৰ অভিযোগত আটক হোজাই বন সুৰক্ষা বিষয়া মহেশ নাথ ৷ নীলবাগানত আৰক্ষীয়ে জব্দ কৰা চোৰাং কাঠ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ তদন্তৰ অন্তত আৰক্ষীয়ে আটক কৰিলে হোজাই বন সুৰক্ষা বিষয়া মহেশ নাথক৷ আজি মহেশ নাথক আদালতত হাজিৰ কৰাৰ পিছত শংকৰদেৱনগৰ আদালতে পুনৰ প্ৰেৰণ কৰিলে চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ৷
চোৰাং কাঠ ব্যৱসায়ত জড়িত বন বিভাগৰ লোক জড়িত থকাৰ এই তথ্য পোহৰলৈ অহাৰ পিছতে সমগ্ৰ হোজাই জিলাখনতে চাঞ্চল্যৰ সৃষ্টি হয়৷ উল্লেখ্য যে হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই কেইদিনমান পুৰ্বে নিশা নীলবাগানত অভিযান চলাই জব্দ কৰিছিল দুই টাটা মোবাইল চোৰাং কাঠ৷ দুজন বন মাফিয়াই দুখন টাটা মোবাইলেৰে নি থকা অৱস্থাত হোজাই আৰক্ষী অধীক্ষকে অভিযান চলাই বন মাফিয়াদ্বয়ক আটক কৰাৰ লগতে জব্দ কৰিছিল চোৰাং কাঠখিনি৷
বন মাফিয়াদ্বয়ে উক্ত কাঠখিনি মহেশ নাথে চমজাই দিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়াৰ পিছতে আৰক্ষীয়ে বন মাফিয়াদ্বয়ক জেললৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছিল তদন্ত৷আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য৷ নীলবাগানত বন মাফিয়াৰ পৰা জব্দ কৰা কাঠখিনি আছিল বন বিভাগে জব্দ কৰা কাঠ৷ হোজাই বন সুৰক্ষা বিষয়া মহেশ নাথে কাকীৰ পৰা জব্দ কৰিছিল বৃহৎ পৰিমানৰ চুৰাং কাঠ আৰু তাৰে মাজৰ পৰা কিছু কাঠ বন মাফিয়াদ্বয়ৰ উচৰত বিক্ৰী কৰিছিল মহেশ নাথে৷ তাৰ পিছতে হোজাই থানাত গোচৰ ৰুজু হয় হোজাই বন সুৰক্ষা বিষয়া মহেশ নাথৰ বিৰুদ্ধে৷
আজি উক্ত গোচৰৰ তদন্তৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহেশ নাথক৷ সোধপোছৰ পাছত মহেশ নাথক শংকৰদেৱনগৰ আদালতত হাজিৰ কৰাত আদালতে চাৰিদিনৰ বাবে মহেশ নাথক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ আনহাতে বন মাফিয়াৰ লগত বন বিভাগৰ লোকৰ মধুৰ সম্পৰ্ক থকাৰ তথ্য পোহৰলৈ অহাৰ পিছতে হোজাইত দীৰ্ঘদিন ধৰি চলি থকা বন ধ্বংসৰ আঁৰত যে বনকৰ্মীও জড়িত সেয়াই প্ৰমানিত হৈছে৷
আৰু পঢ়ক: ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ বিষয়া নিপেন চন্দ্ৰ তালুকদাৰৰ মৃত্যু…