অভাৰলোডেড বালিভৰ্তি ডাম্পাৰ এৰি দিয়াক কেন্দ্ৰ কৰি হোজাইত ৰাইজৰ ক্ষোভ…

অভাৰলোডেড বালিভৰ্তি ডাম্পাৰ এৰি দিয়াক কেন্দ্ৰ কৰি হোজাইত ৰাইজৰ ক্ষোভ…

author-image
asomiyapratidin
New Update
অভাৰলোডেড বালিভৰ্তি ডাম্পাৰ এৰি দিয়াক কেন্দ্ৰ কৰি হোজাইত ৰাইজৰ ক্ষোভ…

ডিজিটেল সংবাদ, ডবকা : ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা হোজাই পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীক আবদ্ধ ৰাইজৰ ৷ অভাৰলোডেড বালিভৰ্তি ডাম্পাৰ এৰি দিয়াক কেন্দ্ৰ কৰি এই ঘটনা ৷ বহু সময় ধৰি আবদ্ধ কৰি ৰখা পাছতো গাড়ী চালকে দুৱাৰ নোখোলাত ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যানযটৰ সৃষ্টি হয় ৷

Advertisment

পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত গোপন বুজাবুজি থকাৰ বাবেই এনেদৰে অভাৰ লোডেড ডাম্পাৰ খনে মাল খালি কৰি পলাব পাৰিছে বুলি অভিযোগ উত্থাপন ৰাইজৰ ৷

ইয়াৰ পাছতেই ৰাইজে পৰিবহন বিভাগৰ দুয়োখন গাড়ী আবদ্ধ কৰি জবাহদিহি কৰে ৷ ইফালে গাড়ী ধৰিয়েই পৰিবহন বিভাগৰ বিষয়াই ডবকা আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী আহি উপস্থিত হোৱাৰ পূৰ্বেই ডাম্পাৰখনে বালি খালি কৰি পলায় যায় ৷

ইফালে পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীক মাহেকীয়া হিচাপত ধন দি এটি চক্ৰই এনেদৰে অভাৰ লোডেড গাড়ী চলোৱাৰ অভিযোগ কৰিছে একাংশ দল সংগঠনৰ নেতাই ৷ সমগ্ৰ বিষয়টোৰ ওপৰত এক উচ্চ পৰ্য্যায়ৰ তদন্তৰো দাবী কৰিছে ৷

assam Assam police