Advertisment

অসম মেডিকেল কলেজত চিকিৎসাধীন ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিল HMPV

অসমত চিনাক্ত হৈছে প্ৰথমটো এইছ এম পি ভাইৰাছত আক্ৰান্তৰ ঘটনা। ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা এটা ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছবিধ। 

author-image
Asomiya Pratidin
New Update
অসম মেডিকেল কলেজত চিকিৎসাধীন ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিল HMPV

ডিজিটেল ডেস্কঃ অসমত চিনাক্ত হৈছে প্ৰথমটো এইছ এম পি ভাইৰাছত আক্ৰান্তৰ ঘটনা। ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা এটা ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছবিধ। 

Advertisment

জানিব পৰা মতে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা এই শিশুটিৰ ঘৰ লখিমপুৰত। অৱশ্যে এতিয়ালৈকে এই বিষয়ে সবিশেষ প্ৰকাশ পোৱা নাই।

এই সন্দৰ্ভত পৰৱৰ্তী সময়ত হাস্পতালত কৰ্তৃপক্ষই সংবাদ মেলৰ জৰিয়তে উল্লেখ কৰিব। মন কৰিবলগীয়া যে, কোভিড ভাইৰাছৰ দৰেই চীনৰ পৰা সংক্ৰমণ হোৱা এই ভাইৰাছ পুনৰ বিশ্বজুৰি বিয়পী পৰিছে।

এই পৰ্যন্ত ভাৰতত প্ৰায় ১৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছবিধৰ উপস্থিতি। ইয়াৰ ভিতৰত বেংগালুৰুত দুজন, গুজৰাটত এজন, চেন্নাইত দুজন, কলকাতা দুজনৰ দেহত ধৰা পৰিছে এই ভাইৰছৰ উপস্থিতি।

কিন্তু অসমৰ লখিমপুৰৰ এই শিশুটিৰ দেহলৈ কিদৰে এই ভাইৰাছবিধৰ সংক্ৰমণ হ'ল সেয়া লক্ষ্যণীয় বিষয়। অৱশ্যে এইছ এম পি ভি কোনো নতুন ভাইৰাছ নহয়।

ইয়াৰ উপস্থিতি পৃথিৱীত পূৰ্বেও আছিল। ২০০১ চনতে প্ৰথমে এই ভাইৰাছৰ উপস্থিতি ধৰা  পৰিছিল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাই এই ভাইৰাছবিধৰ সন্দৰ্ভত যোৱা সোমবাৰে কৈছিল Metapneumovirus বা HMPV ভাইৰাছ নতুন ভাইৰাছ নহয়। ২০০১ চনত প্ৰথমবাৰৰ বাবে এই ভাইৰাছ চিনাক্ত কৰা হৈছিল। তেতিয়াৰে পৰা বিশ্বজুৰি এই ভাইৰাছ সংক্ৰমিত হৈ আহিছে। 

বিশেষজ্ঞৰ মতে এই ভাইৰাছবিধ মাৰাত্মক ভাইৰাছ নহয়। সজাগ, সচেতনতা আৰু এই ৰোগ প্ৰতিৰোধৰ সুৰক্ষামূলক ব্যৱস্থাসমূহ অনুসৰণ কৰিলে ইয়াৰ পৰা ৰক্ষা পাব পাৰি। বিশেষজ্ঞৰ মতে কোভিড ভাইৰাছতকৈ এই ভাইৰাছ কম বিপদজনক। 

 

অসম মেডিকেল কলেজ হাস্পতাল