/asomiyapratidin/media/media_files/2025/02/12/gytRW4KRJWGkK0u4TEVU.jpg)
ডিজিটেল ডেস্কঃ এই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰতি দিনেই বিভিন্ন ঘটনা, পৰিঘটনা সংঘটিত হৈ থাকে। তাৰে কিছুমান ঘটনা মানৱ চক্ষুৰ সন্মুখত আৰু কিছু ঘটনা আঁৰে আঁৰে নজনাকৈয়ে সংঘটিত হয়। এই ঘটনা প্ৰবাহৰ মাজত কিছু এনে ঘটনাও থাকে যি যুগ যুগান্তৰলৈ চৰ্চাৰ বিষয় হৈ থাকে। এক অৰ্থৎ প্ৰতিটো দিনৰে থাকে ইতিহাস।
অসমৰ ইতিহাসত আজিৰ দিনটো এইবাবে বিশেষ যে, আজিৰ দিনটোতেই জন্ম হৈছিল বীৰ চিলাৰায়ৰ। ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহৰ পুত্ৰ আছিল অসমৰ ইতিহাসৰ সৰ্বকালৰ অন্যতম মহান বীৰ শুক্লধ্বজ। চিলাৰ দৰে উৰি উৰি যুঁজ কৰিব পৰাৰ বাবেই তেওঁৰ নাম হৈ পৰিছিল চিলাৰায়।
ঠিকে সেইদৰে আজিৰ দিনটো বিশ্বৰ ৰাজনীতি, সংস্কৃতি, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰতো সংগঠিত হৈছিল আন কেইবাটাও ঘটনা। ১৫০২ চনত আজিৰ দিনটোতে দ্বিতীয়বাৰৰ বাবে ভাস্কো ডা গামাই ভাৰত ভ্ৰমণৰ বাবে পৰ্তুগালৰ লিছবনৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।
১৭০০ চনত আকৌ আজিৰ দিনটোতে উত্তৰ ইউৰোপত আৰম্ভ হৈছিল ডেনমাৰ্ক- নৰৱে, চেক্সনি, ৰাছিয়া আৰু ছুইডিছ সাম্ৰাজ্যৰ মাজত যুদ্ধ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আব্ৰাহম লিংকনৰো জন্ম হৈছিল ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীত। ১৮১৮ চনত আকৌ আজিৰ দিনটোতে চিলিয়ে স্পেইনৰ পৰা স্বাধীনতা ঘোষণা কৰিছিল। অৱশ্যে স্পেইনৰ বিৰুদ্ধে মাইপু যুদ্ধ অব্যাহত আছিল ১৮১৮ ৰ এপ্ৰিললৈকে।
১৮৫১ চনত আকৌ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াত প্ৰথমবাৰৰ বাবে সোণ আৱিষ্কাৰ হৈছিল। অষ্ট্ৰেলিয়াৰ পূৱ মধ্য নিউ চাউথ ৱেলছত প্ৰথমবাৰৰ বাবে ১৮৫১ ৰ ১২ ফেব্ৰুৱাৰীতে আৱিষ্কাৰ হৈছিল সোণৰখনি।
চুবুৰীয়া চীনৰ বাবেও আকৌ আজিৰ দিনটো বিশেষ। কিয়নো ১৯১২ চনত আজিৰ দিনটোতে চীনৰ অন্তিম গৰাকী সম্ৰাট পুইয়ে চীন বিপ্লৱৰ অন্তত পদত্যাগ কৰিছিল। ২০১৩ চনত আকৌ উত্তৰ কোৰিয়াই তৃতীয়বাৰৰ বাবে নিউক্লিয়াৰ পৰীক্ষা সম্পন্ন কৰিছিল।
বিশ্বৰ চলচ্চিত্ৰ জগতখনৰ বাবেও আজিৰ দিনটো বিশেষ। কিয়নো আজিৰ দিনটোতে ১৯১৪চনত চেচিল বি ডিমিল আৰু অস্কাৰ এপফেলৰ দ্বাৰা পৰিচালিত হলিউডত দৃশ্যগ্ৰহণ কৰা প্ৰথম ফিচাৰ-লেংথ চলচ্চিত্ৰ "দ্য স্কোৱা মেন" আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি লাভ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us