ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় পানীতোলা বৰ্ণাঢ্য উৎসৱৰ আয়োজন...

ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় পানীতোলা বৰ্ণাঢ্য উৎসৱৰ আয়োজন...

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ ভুড়াৰগড় গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঝাকুৱাপাৰা,সমলাস্থিত শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ত ৫ আৰু ৬ মে'২০২৪ তাৰিখ অৰ্থাৎ ২২ আৰু ২৩ ব'হাগত শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ গোন্ধ চৌপৰী সবাহ,মহাবিষ্ণু যজ্ঞ আৰু ভাগৱত শোভাযাত্ৰাৰে ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীত পানী তোলা বৰ্ণাঢ্য উৎসৱৰ আয়োজন কৰিছে।

২২ ব'হাগ ৫ মে তাৰিখে প্ৰথম কাৰ্যসূচী অনুসৰি ৰাতিপুৱা শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ দেউৰী টংকেশ্বৰ ডেকাই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী ৰূপায়ন কৰিব , তাৰ পিছতে পৰিবেশ নিকাকৰণ,অধিবাস ,ভোটা দাতাৰ নাম পঞ্জীয়নৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে ভোটা প্ৰজ্বলন কৰিব। ভোটা প্ৰজ্বলনত মূখ্য ভোটা প্ৰজ্বলক হিচাপে কাৰ্যসূচী ৰূপায়ন কৰিব মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই,ভোটা প্ৰজ্বলক হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে।

ভোটা প্ৰজ্বলন কাৰ্যসূচী ৰূপায়নৰ পিছতে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান কাৰ্যসূচী ৰূপায়ন কৰিব। কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব আমন্ত্ৰিত অতিথি হিচাপে দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ লক্ষীকান্ত বৰুৱা, দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ গিতালী কলিতা,ভেৰগাঁও মহকুমাৰ আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা,সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়া, ছিপাঝাৰ ডিজিটেল মেডিয়া ফ'ৰামৰ উপ-সভাপতি নৱজিৎ শৰ্মা, বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থাৰ সম্পাদক দিব্যজ্যোতি শৰ্মা, সাংবাদিক অজয় ডেকা, সাংবাদিক ধৰ্ম কান্ত নাথৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

তাৰ পিছতে সমূহীয়া সেৱা, স্থানীয় আয়তী নাম আৰু নাগাৰা নাম প্ৰদৰ্শন, নিশা ৰুদ্ৰমনি নাথ ওজা আৰু সংগীবৃন্দৰ ওজাপালি পৰিবেশনেৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰনি পৰিব আৰু ভোটা প্ৰজ্বলনত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ প্ৰায় এক হাজাৰৰো অধিক ভোটা প্ৰজ্বলিত হ'ব বুলি আয়োজক সমিতিয়ে অৱগত কৰে।

কাৰ্যসূচী অনুসৰি দ্বিতীয় দিন অৰ্থাৎ ২৩ ব'হাগ ৬ মে ২০২৪ তাৰিখে ৰাতিপুৱা বন্তি প্ৰজ্বলন, পৰিবেশ নিকাকৰণ, গছপুলি ৰোপণ ৰোপক মণ্ডলী অৱসৰপ্ৰাপ্ত গাওঁ প্ৰধান তীৰ্থৰাম ডেকা,সমলা,ঝাকুৱাপাৰা,গড়গড়ী গাঁৱৰ গাওঁ প্ৰধান বিকাশ শইকীয়া, বিশিষ্ট লোক শিল্পী নবীন ডেকা,ঝাকুৱাপাৰা গাঁৱৰ জেষ্ঠ্য ব্যক্তি কালিৰাম ডেকাই।

ৰাতিপুৱা ৯ বজাত ভাগৱত শোভাযাত্ৰা আৰু ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীত পানী তোলা বৰ্ণাঢ্য উৎসৱৰ উদ্বোধন কৰিব ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে, ভাগৱত শৰাই লৈ শোভাযাত্ৰা ত অংশগ্ৰহণ কৰিব ঝাকুৱাপাৰা গাঁৱৰ ব্যক্তি ঘনাকান্ত ডেকা,ধৰনী ডেকা,ৰিতু ডেকাই ।

তাৰ পিছতে পানী তোলা ঘটসহ দেৱালয়ৰ চৌহদ প্ৰদক্ষিণ, মহাবিষ্ণু যজ্ঞ আৰম্ভ,গীতা পাঠ কাৰ্যসূচী ৰূপায়ন হ'ব । শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ গোন্ধ চৌপৰী সবাহ, মহাবিষ্ণু যজ্ঞ আৰম্ভ ভাগৱত শোভাযাত্ৰাৰে ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীত পানী তোলা বৰ্ণাঢ্য উৎসৱত দ্বিতীয় দিনৰ কাৰ্যসূচীত সন্মানিত অতিথি হিচাপে উপস্থিত থাকিব কলাইগাঁ বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন সাংসদ তথা মঙলদৈ ৰ জেষ্ঠ্য অধিবক্তা মাধৱ ৰাজবংশী, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব দৰং জিলাৰ মহকুমা স্বাস্থ্য বিষয়া ডা০ ৰমেশ চন্দ্ৰ গোস্বামী, মহলীয়াপাৰাৰ যুৱ সমাজকৰ্মী হিতেশ চহৰীয়া, দেওমৰনৈ দুৰ্গা মন্দিৰ নিৰ্মাণ সমিতিৰ সম্পাদক তথা শিক্ষক প্ৰসন্ন কলিতা, দেওমৰনৈ ৰ উত্তৰণ নাৰ্চাৰী ৰ স্বতাধিকাৰী তথা দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্মচাৰী অভিজিৎ কুমাৰ, তেজপুৰ ৰঙাপাৰা উপ ডাকঘৰৰ পোষ্ট মাষ্টাৰ হেমন্ত কুমাৰ শৰ্মা, মহলীয়াপাৰাৰ যুৱ ব্যৱসায়ি জ্যোতিষ ডেকা,কলাইগাঁওৰ যুৱ সমাজকৰ্মী তীৰ্থ বড়ো ৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

দুপৰীয়া ভোগ গ্ৰহণ, সমুহীয়া নিৰ্মালি গ্ৰহণ, ওজাপালি পৰিবেশন, সমূহীয়া সেৱা, প্ৰসাদ বিতৰণেৰে দুদিনীয়াকৈ আয়োজন কৰা দৰঙৰ দেওমৰনৈ ভুড়াৰগড় অঞ্চলৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ গোন্ধ চৌপৰী সবাহ, মহাবিষ্ণু যজ্ঞ আৰু ভাগৱত শোভাযাত্ৰাৰে ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীত পানী তোলা বৰ্ণাঢ্য উৎসৱৰ সামৰণি পৰিব বুলি অৱগত কৰে সমলা, ঝাকুৱাপাৰাস্থিত ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় পৰিচালনা সমিতিৰ সভাপতি সুনন্দি ডেকা, উপ-সভাপতি দিব্যজ্যোতি ডেকা, সম্পাদক কৰুনা বৰুৱা সহকাৰী সম্পাদক অপূৰ্ব ডেকাই । উক্ত দুটা দিনৰ সকলো কাৰ্যসূচীতে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় পৰিচালনা সমিতি আৰু সমলা, ঝাকুৱাপাৰাবাসী ৰাইজে।

ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় পানীতোলা বৰ্ণাঢ্য উৎসৱৰ আয়োজন...
কামৰ গেৰান্টীসহ ৰকিবুল হুচেইনৰ পুত্ৰই চলালে নিৰ্বাচনী প্ৰচাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in