/asomiyapratidin/media/media_files/2025/03/03/RRg9gAf9xm6hLPQIhq8k.jpg)
সমন্বয়
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ উত্তৰ দিশত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ হৈছে নৰোৱা বালিসত্র। বটদ্ৰৱা থান উদ্ধাৰৰ সময়ত বক্ষ্মপুত্ৰৰ পাৰৰ বালিচৰত দামোদৰ আতাই প্ৰতিষ্ঠা কৰা এই সত্ৰখনিত চিত্ৰ ভাগৱত, গুণমালা পুথিকে আদি ধৰি দুশৰো অধিক সাঁচিপাতৰ পুথি আৰু অনান্য প্ৰচীন সম্পদ আছে।
চৰকাৰীভাবে উপেক্ষিত এই সত্ৰখনিৰ অৱস্থা বৰ্তমান জৰাজীৰ্ণ। উন্নয়ন তথা প্ৰচাৰ প্ৰসাৰতাৰ অভাৱত এই সত্ৰখনি এতিয়া প্ৰায় এৰাবাৰী সদৃশ। দৌল উৎসৱৰ প্ৰাকমুহূৰ্তত এই ঐতিহাসিক সত্ৰখনিৰ উন্নয়নৰ বাবে ওলাই আহিল অঞ্চলটোৰ হিন্দু-মুছলমান ৰাইজ।
সমন্বয়ৰ বাৰ্তা লৈ ৱাছিম আক্ৰাম হুদা, মুক্তাৰ হুছেইন, কন্দৰ্প শইকীয়া, মৃদুল ভৰালী, আশ্বাদুল গাজী, ৰাজীৱ শইকীয়া, বাবুল ইছলাম, নগেন বৰা, মঞ্জুৰ আলম, দীপজ্যোতি শইকীয়া, হবিবুৰ ৰহমান, জুলহাচ উদ্দিন, নুৰ মহম্মদকে আদি কৰি অঞ্চলটোৰ কেইবাজনো ব্যক্তি সমবেত হৈ চাফাই অভিযান চলাই আৰম্ভ কৰিলে সৌন্দৰ্য্যবদ্ধনৰ কাৰ্যসূচী।
আনহাতে চাফাই অভিযানৰ অন্তত সকলোৱে চৰকাৰক সত্ৰখনি উন্নয়নৰ বাবে ব্যবস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।