শৰ্মা মন্ত্ৰীসভাৰ প্ৰথম সম্প্ৰসাৰণ, দৌৰত কোন কোন?

শৰ্মা মন্ত্ৰীসভাৰ প্ৰথম সম্প্ৰসাৰণ, দৌৰত কোন কোন?

author-image
asomiyapratidin
New Update
শৰ্মা মন্ত্ৰীসভাৰ প্ৰথম সম্প্ৰসাৰণ, দৌৰত কোন কোন?

ডিজিটেল ডেস্ক: আৰু মাত্ৰ কেইটামান ঘন্টাৰ পাছতেই সম্প্ৰসাৰণ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা।ইতিমধ্যে মুখ্যমন্ত্ৰী শৰ্মাই সদৰি কৰিছে এই সম্প্ৰসাৰণ হ'ব অতি ক্ষুদ্ৰ। যদিও শৰ্মা মন্ত্ৰী সভাত ৫টাকৈ মন্ত্ৰী পদ খালী আছে ইয়াৰে দুটা পদহে পুৰণ কৰাৰ সম্ভাৱণা আছে।

Advertisment

কোনে কোনে নতুন মন্ত্ৰীসভাত স্থানলাভ কৰিব সেয়া এতিয়াও ৰাজহুৱা হোৱা নাই যদিও চৰ্চাত আছে কেইবাটাও নাম। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা .জয়ন্ত মল্ল বৰুৱা,বিধায়িকা নন্দিতা গালোছা, বিদ্যা সিং ইংলেঙৰ নাম চৰ্চাৰ শীৰ্ষত আছে।

ইফালে ইউপিপিএলৰ গোবিন্দ বসুমতাৰীৰ নামো আছে চৰ্চাত। মিত্ৰ দল অসম গণ পৰিষদেও এটা মন্ত্ৰী পদৰ দাবী তুলিছে। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰীৰ হাতত ইতিমধ্যে তেওঁলোকে অগপৰ পৰা কাক মন্ত্ৰীত্ব দিয়াতো বিচাৰিছে সেই বিষয়ে তেওঁক জনাই থৈছে।

অৱশ্যে তেওঁ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণত কাক অন্তৰ্ভূক্তি কৰে সেয়া তেওঁ সিদ্ধান্ত ল'ব বুলি সদৰি কৰে।ৰাজভৱনত ৯ জুনৰ আৱেলি নতুন মন্ত্ৰী সকলে শপত গ্ৰহণ কৰিব। দিল্লীৰ পৰা নতুন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সন্দৰ্ভত অনুমোদন ল'বলৈ মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ যোৱা কথা আছিল যদিও তাতপৰ্যপূৰ্ণ ভাৱে মুখ্যমন্ত্ৰীৰ সেই ভ্ৰমণ বাতিল কৰা হৈছিল।

আৰু পঢ়ক: ঢকুৱাখনা মহকুমাৰ উত্তীৰ্ণ হাৰ ৮৭'৫৪% ,সৰ্বাধিক নম্বৰ প্ৰাপক ৰাজঙ্গিনী গগৈ…

assam himanta biswa sarma assam govt bjp agp uppl