নিৰ্বাচনৰ ভোটগণনাৰ মাজতে কি মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্বই…

নিৰ্বাচনৰ ভোটগণনাৰ মাজতে কি মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্বই…

author-image
asomiyapratidin
New Update
নিৰ্বাচনৰ ভোটগণনাৰ মাজতে কি মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্বই…

ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত। নিৰ্বাচনৰ ভোটগণনা চলি থকা সময়তে মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই. তেওঁ নৰেন্দ্ৰ মোডীক ভোট দিয়াৰ বাবে সৰ্বসাধাৰণ ৰাইজক ধন্যবাদ জনায়।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটগণনাৰ মাজতে মন্তব্য কৰি কয়- 'মোডীজীক ৰাইজে পুনৰ দেশখনৰ দায়িত্ব গ্ৰহণ কৰাৰ সুবিধা দিছে। ৰাইজে তেওঁক ভাল পায়। মই ভাৰতৰ সৰ্বসাধাৰণ ৰাইজক ধন্যবাদ ক'ব বিচাৰো। বিশেষকৈ উত্তৰ-পূববাসীৰ সমৰ্থন বাবে আপোনালোকক ধন্যবাদ জনাইছো। মোডীজীয়ে আমাক সকলোকে আগুৱাই লৈ যাব।'