/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/hb.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে খানাপাৰাত অনুষ্ঠিত শিক্ষক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধায়ক যোগেন মোহন আৰু মন্ত্ৰী ভৱেশ কলিতা। এই অনুষ্ঠানত আগন্তুক ৫ ফেব্ৰুৱাৰীত ৩০ হাজাৰ শিক্ষক নিযুক্তি আৰু প্ৰাদেশিকৰণৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টেটৰ পিছতে এয়া সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া হ'ব বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে, ২০১১ চনৰ পিছত সকলো নিযুক্তি প্ৰক্ৰিয়া নিয়মীতভাৱে অনুষ্ঠিত হৈ আহিছে বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীজনে তেওঁৰ মন্ত্ৰীত্বৰ সময়তে ১ লাখ শিক্ষকে সম্পূৰ্ণ নিয়ম অনুসৰি নিযুক্তি পাইছিল বুলি উল্লেখ কৰে। ১৯৮৯ ৰ পৰা ২০০১ ৰ ভিতৰত নিযুক্তি পোৱা যি সকল শিক্ষকক পৰৱৰ্তী সময়ত অবৈধ আৰু অনিয়মীয়া বুলি ঘোষণা কৰা হৈছিল সেই শিক্ষক সকলৰ ভিতৰৰ ৪৫১১ জনক নিযুক্তি দিয়া হ'ল বুলি তেওঁ মন্তব্য কৰে।
কংগ্ৰেছ আৰু এজিপি চৰকাৰৰ দিনত এই সকল শিক্ষকক নিযুক্তি দিয়া হৈছিল বিগত সময়ছোৱাত এই শিক্ষকসকলে দৰমহা অবিহনে কাম কৰি আহিছিল।আনহাতে এনে প্ৰায় ১২ হাজাৰমান শিক্ষক অবৈধ আৰু অনিয়মীয়া বুলি চিনাক্ত কৰিছিল উচ্চ ন্যায়ালয়ে। সেইসকলক শনিবাৰৰ খানাপাৰাত অনুষ্ঠিত অনুষ্ঠানত শিক্ষক নিযুক্তি অনুষ্ঠানত নিযুক্তি প্ৰদান কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।