মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মমতা বেনাৰ্জীলৈ বিশেষ অনুৰোধ, ক'লে...

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এক বিশেষ পত্ৰ লিখে।

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল সাংসদ আব্দুল খালেকৰ

ডিজিটেল ডেস্ক: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এক বিশেষ পত্ৰ লিখে। এই পত্ৰত আইআইটি খড়গপুৰত অসমৰ এগৰাকী ছাত্ৰীৰ মৃত্যুৰ তদন্তৰ বাবে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই।

ফৈজান আহমেদ নামৰ ছাত্ৰ জনৰ অকাল মৃত্যুত অসমত এক গভীৰ শোকৰ সৃষ্টি হৈছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।

অসমৰ তিনিচুকীয়া জিলাৰ ফৈজান আহমেদ নামৰ ছাত্ৰ জন আই আই টি খড়গপুৰৰ অভিযন্তাৰ তৃতীয় বাৰ্ষিকৰ ছাত্ৰ আছিল। কিন্তু ১৪ অক্টোবৰত ছাত্ৰ জনৰ মৃতদেহ হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ হৈছিল।

ছাত্ৰ জনৰ মৃত্যুৰ পাছতেই ঘটনা সন্দৰ্ভত পিতৃ মাতৃয়ে এজাহাৰ দাখিল কৰিছে আৰু মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ তদন্তৰ বাবে মমতা বেনাৰ্জীক অনুৰোধ জনাইছে।

উল্লেখ্য যে, দেশৰ আই আই টি প্ৰতিষ্ঠান সমূহত বিগত কেইটামান মাহত কেইবাটাও আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে।। যোৱা মাহত দুটা পৃথক কেম্পাচত দুজন আই.আই.টি. শিক্ষাৰ্থীক মৃত অৱস্থাত পোৱা গৈছিল।

iit kharagpur west bengal himanta biswa sarma assam