বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত, আজি পৰিদৰ্শন কৰিব নগাঁৱৰ বিভিন্ন অঞ্চল…

বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত, আজি পৰিদৰ্শন কৰিব নগাঁৱৰ বিভিন্ন অঞ্চল…

author-image
asomiyapratidin
New Update
বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত, আজি পৰিদৰ্শন কৰিব নগাঁৱৰ বিভিন্ন অঞ্চল…

ডিজিটেল ডেস্ক: নগাঁও জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে দিনৰ ১.৩০ বজাত ৰেলেৰে নগাঁৱৰ চাপৰমূখত উপস্থিত হ'ব মুখ্যমন্ত্ৰী গৰাকী।

Advertisment

চাপৰমূখৰ বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰীয়ে। চাপৰমূখৰ পৰা পুনৰ ৰেলেৰে কামপুৰলৈ যাব মুখ্যমন্ত্ৰী ড° শৰ্মা।

কামপুৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে। তাৰপাছতেই কামপুৰৰ পৰা নাঁও যোগে বিয়লি ৩ বজাত উপস্থিত হ'ব দক্ষিণপাতত। দক্ষিণপাতৰ লগতে বৰকোলাৰ বান আক্ৰান্ত এলেকা পৰিদৰ্শন কৰিব শৰ্মাই ৷

গাড়ীৰে বিয়লি ৫ বজাত ৰহাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী । ৰহাৰ পৰা ৬ বজাত নেলী এলেকাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ইয়াৰ পৰা উভতি আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া আলোচনাত মিলিত হ'ব মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক সকলৰ সৈতে।

আৰু পঢ়ক: সংখ্যালঘু পৰিণত উদ্ধৱ থাকৰে চৰকাৰ, গুৱাহাটীত বাহৰ পাতিছে ৪২ বিধায়কে, আহি আছে আন ৪ জন

assam himanta biswa sarma flood nagaon