/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/71e90d3b-cfbc-41c8-9767-a4cd15a30fd1/cmrowta.jpg)
কল্পনা বড়োৰ প্ৰতিমূৰ্ত্তি
ডিজিটেল সংবাদ, ৰৌতাঃ এগৰাকী সাধাৰণ অংগনৱাড়ী কৰ্মী কল্পনা বড়ো । নিজৰ সেৱা আৰু কৰ্মৰ জড়িয়তে লাভ কৰিছিল অসম চৰকাৰৰ অসামৰিক সন্মান অসম গৌৰৱ বঁটা । ৰৌতাৰ বালিসিহা গাঁৱৰ নিজৰ কৰ্মস্থলীতে নিৰ্মাণ কৰা হল কল্পনা বড়োৰ প্ৰতিমূৰ্ত্তি ।
দেওবাৰে আনুষ্ঠানিকভাৱে প্ৰতিমূৰ্ত্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংগ দিলে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিটিআৰ চিফ প্ৰমোদ বড়োৱে ।নিজৰ কৰ্ম আৰু সেৱাৰ জৰিয়তে কল্পনা বড়োৱে আগবঢ়াই লৈছিল সমাজখনক ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/52300ca1-5f60-457d-a725-60debb7130b5/a622f00a_020c_4a37_8ad0_195a02bacf42.jpg)
শিশুসকলৰ সৰ্বাধিক বিকাশৰ বাবে প্ৰাক-বিদ্যালয় শিক্ষা কাৰ্যকৰীভাৱে পৰিচালনা কৰা আৰু পোষণ ট্ৰেকাৰ এপত ডাটা আপলোড কৰাত কল্পনা বড়োৱে অতি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল । নিজৰ দায়িত্ব আৰু কতব্য পালনৰ ক্ষেত্ৰত সদায় সফল হৈছিল কল্পনা বড়ো ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/91a66f67-5145-4dcb-bed5-bcff59875319/d825998d_14c9_45d3_b0be_ef0559e049b5.jpg)
কল্পনা বড়োৰ ঘৰত দুবাৰকৈ উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মৰণ কৰিলে কল্পনা বড়োৰ সেৱা, কৰ্মৰাজী আৰু স্মৃতি । কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নিজৰ কৰ্মৰাজী, সেৱা আৰু সাধনাৰ জৰিয়তে দেখাই যোৱা অৱদানৰ বাবে আজি গৌৰাম্বিত কল্পনা বড়োৰ পৰিয়াল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ce321b04-e3af-4650-932c-edaa87d4b422/4658792a_0029_49b9_bc3d_b9045d50f45d.jpg)
প্ৰতিশ্ৰুতি দি ৰক্ষা কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে পৰিয়ালে । কল্পনা বড়োৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰি পোনে পোনে কল্পনা বড়োৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কল্পনা বড়োৰ বছৰেকীয়া আদ্য শ্ৰাদ্ধত উপস্থিত হৈ পৰিয়ালৰ লোকক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে উপস্থিত ৰাইজক সম্বোধন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/4ba8c686-7747-4d37-a9e8-36110dea5329/93beda98_0231_4022_8b98_98df215db07d.jpg)