ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত বিজেপিৰ হ'ব বৃহৎ জয়: হিমন্ত বিশ্ব শৰ্মা

বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত জয় লাভ কৰিব। সোমবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত বিজেপিৰ হ'ব বৃহৎ জয়: হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক: বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত জয় লাভ কৰিব। সোমবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আগৰতলাৰ ৰবীন্দ্ৰ শতাবৰশিকি ভৱনত দলৰ বুথ বিজয় অভিযানত অংশ গ্ৰহণ কৰি শৰ্মাই কয় যে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে উত্তৰ-পূবে এক নতুন পৰিচয় লাভ কৰিছে। আগন্তুক নিৰ্বাচন আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমি দ্বিতীয় বাৰৰ বাবে অসম আৰু মণিপুৰ জয় কৰাৰ পিছত, মানুহে উপলব্ধি কৰে যে উত্তৰ-পূব বিজেপিৰ বাবে স্থায়ী হৈ পৰিছে। মই নিশ্চিত যে আমি ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডতো জয় লাভ কৰিম"।

তেওঁ কয় যে, মাৰ্ক্সবাদী শাসনৰ সমাপ্তিৰ বাবে জনতাই ২০১৮ চনত বিজেপিক ক্ষমতালৈ আনিছিল। জনতাই ২০২৩ চনতো পুনৰ বিজেপিকে ভোট দিব। ত্ৰিপুৰাৰ ৬০ খম আসনৰ কমেও ৫৫ খন আসনত জয় লাভ কৰাৰ বাবে দলৰ কৰ্মী সকলক কাম কৰাৰ বাবে আহ্বান জনাই শৰ্মাই।

উল্লেখ্য যে, ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন ২০২৩ বৰ্ষত অনুষ্ঠিত হ'ব। কিয়নো বৰ্তমানৰ চৰকাৰৰ কাৰ্যকাল মাৰ্চ মাহত সমাপ্ত হ'ব।

himanta biswa sarma bjp meghalaya tripura nagaland