/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/himanta.jpg)
ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ। অসমতো ১৩ এপ্ৰিলৰ পৰা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী পালন কৰি অহা গৈছে।
এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰ, বাহন বা সকলো ধৰণৰ ব্য়ৱসায় প্ৰতিষ্ঠানৰ সন্মুখত উৰুওৱা হৈছে ৰাষ্ট্ৰীয় পতাকা। সকলোৱে পালন কৰিছে এই কাৰ্যসূচী।
ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে বিশেষ আহ্বান। জনতা ভৱনত বায়ুসেনা বাহিনীৰ অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীয়ে অংশ গ্ৰহণ কৰি কয় যে ১৫ আগষ্টৰ সন্ধিয়া সকলোৱে ৰাষ্ট্রীয় পতাকা খুলিব লাগিব। পতাকা খুলি সযতনে ৰাখক নিজৰ ঘৰত অথবা কাৰ্যালয়ত। লগতে অহা বছৰ এই পতাকা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই শৰ্মাই।